ক'ৰ'নাৰ তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ: ৰাজ্যত শিশু আইচিইউ বেড স্থাপনৰ পৰিকল্পনা

ICU bed

ক'ৰ’নাৰ দ্বিতীয় ঢৌৰ আতংকৰ শেষ নৌহতেই তৃতীয় লহৰৰ বাবে সাজু স্বাস্থ্য বিভাগ। ক'ৰ’নাত আক্রান্ত শিশুৰ চিকিৎসাত সহায় হোৱাকৈ নিৰ্মান হ’ব প্ৰেডিয়েট্ৰিক আইচিইউ। ৰাজ্যৰ ৮খন মেডিকেল কলেজ হস্পিতালত স্বাস্থ্য বিভাগে ৩২০খন আৰু জিলা চিকিৎসালয়ত ২৫০খন শিশু আইচিইউ বিচনা নিৰ্মান কৰিবলৈ লোৱাৰ কথা শুক্ৰবাৰে জনতা ভৱনৰ সংবাদমেলত সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ICU bed

মন্ত্ৰীজনে জানিবলৈ দিয়ে যে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ৬০খন, নগাঁও অসামৰিক চিকিৎসালয়ত ৩০খন, শিলচৰ মেডিকেল কলেজত ৪০ খন, যোৰহাট মেডিকেল কলেজত ৩০খন, ডিব্ৰুগড় অসম মেডিকেল কলেজত ৪০খন, বৰপেটা মেডিকেল কলেজত ৩০খন, তেজপুৰ মেডিকেল কলেজত ২০খন, লখিমপুৰ মেডিকেল কলেজত ৩০খন আৰু ডিফু মেডিকেল কলেজত ৩০খন আইচিইউ বিচনা নিৰ্মান হ’ব। 
প্ৰতিখন জিলা চিকিৎসালয়ত ১০খনকৈ শিশু আইচিইউ বেড আগন্তক এমাহৰ ভিতৰত নিৰ্মান কৰা হ’ব বুলি মহন্তই উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান থকা আইচিইউত কৈ শিশু আইচিইউ-ৰ বেড সুকীয়া হ’ব। ক'ৰ’নাৰ তৃতীয় ঢৌৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Your Comments