ক'ৰ'না আক্রান্তক চিকিৎসাৰ নামত এতিয়াৰপৰা অধিক ধন ল’ব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ে। ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক ক'ৰ’না আক্রান্তক চিকিৎসাৰ ব্যয় সৰ্বাধিক কিমান ল’ব পাৰিব তাৰ বাবে বান্ধি দিলে সৰ্বাধিক মূল্য। ক’ভিড আক্রান্তক চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ প্ৰতিখন চিকিৎসালয়ে চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক ধন ল’ব নোৱাৰিব - সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ব্যক্তিগত প্ৰতিখন চিকিৎসালয়ৰ জেনেৰেল , চুপাৰ স্পেচিয়েলিটি দুটা ভাগত মূল্য নিৰ্ধাৰণ কৰিছে। চুপাৰস্পেচিয়েলিটি জেনেৰেল ৱাৰ্ডত থকা ক’ভিড ৰোগীৰ পৰা দৈনিক সৰ্বাধিক ল’ব পাৰিব ৫ হাজাৰ টকা আৰু তাৰ বিপৰীতে জেনেৰেল ৱাৰ্ডত থকা ৰোগীৰ পৰা ল’ব পাৰিব ৪ হাজাৰ টকা।
চুপাৰ স্পেছিয়েলিটি কেবিনট দৈনিক ৬৫০০টকা, জেনেৰেল কেবিনট ৫০০০টকা। চুপাৰ স্পেচিয়েলিটি আইচিইউত ১০০০০ টকা আৰু জেনেৰেল আইচিইউত ৯০০০হাজাৰ টকা। আইচিইউৰ লগত ভেন্টিলেচন চুপাৰ স্পেচিয়েলিটিত ১৫০০০টকা আৰু জেনেৰেলত ১২০০০ টকা সৰ্বাধিক ল’ব পাৰিব।
উল্লেখ্য যে উক্ত চার্জৰ ভিতৰতে ক’ভিড ৰোগীৰ খাদ্যৰ পৰা আৰম্ভ কৰি অক্সিজেন, পিপিইকিট্, মাস্ক, পঞ্জীয়ন সকলো অন্তৰ্ভুক্ত থাকিব। কিন্তু ক’ভিড আক্রান্ত গৰাকী অন্য ৰোগত আক্রান্ত হৈ থাকিলে সেই ৰোগৰ চিকিৎসা ব্যয় অতিৰিক্ত ভাৱে ল’ব পাৰিব- স্বাস্থ্যমন্ত্ৰী মহন্তই কয়।
গুৰুত্বপূৰ্ণ কথা যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক ক'ভিড ভেক্চিন ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে শূণ্য সুঁতৰ হাৰত ঋণ প্ৰদান কৰিব। তিনিমাহৰ পিছত পৰিশোধ কৰিব লাগিব ঋণ সংবাদমেলত অৱগত কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক এম আৰ পি অনুসৰি ঔষধৰ চার্জ লোৱাৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ক’ভিড ভেক্চিন প্ৰকৃত মূল্যত জনসাধাৰণক প্ৰদান কৰাৰো আহ্বান জনাই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ভিড চিকিৎসাৰ নামত ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ে অধিক ধন লোৱাৰ অভিযোগ উঠাৰ পিছতে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিছে সৰ্বাধিক মূল্য।
- Log in to post comments
- 14 views