কাল ক'ৰ'নাৰ বাবে বাতিল কৰা হ’ল শক্তিপীঠ কামাখ্যা অম্বুবাচী মেলা। দেৱালয় পৰিচালনা সমিতিয়ে জাননী যোগে প্ৰকাশ কৰিলে এই কথা। ক'ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৩০জুন পৰ্যন্ত দেৱালয়ৰ দুৱাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে।
উল্লেখ্য যে, অহা ২২ জুনৰ পৰা আৰম্ভ হ'ব লগা অম্বুবাচী কেৱল ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাগত পূজাৰে সামৰণী পৰিব। পূৰ্বৰ দৰে নাথাকিব মেলাৰ জাক-জমকতা।তীৰ্থযাত্ৰী, সাধু-সন্যাসী সময়ছোৱাত কামাখ্যা লৈ অহা আৰু কামাখ্যাৰ কাষৰীয়া অঞ্চলত সাধু-সন্যাসী,তীৰ্থ-যাত্ৰীয়ে থকা-খোৱাৰ কোনো ব্যৱস্থা নাথাকিব-পৰিচালনা সমিতিয়ে বিশেষ জাননীত উল্লেখ কৰিছে।
গুৰুত্বপূৰ্ণ কথা যোৱা বছৰো কাল ক'ৰ’নাৰ বাবে শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা বাতিল হৈছিল। একেৰাহে দ্বিতীয়বাৰলৈ কামাখ্যাত অম্বুবাচীত নিমাও-মাও পৰিৱেশে বিৰাজ কৰিব।
- Log in to post comments
- 5 views