হোজাইত একাংশ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ সেনাপতিৰ পৰিয়ালে গ্ৰহণ নকৰে মৌলানা বদৰুদ্দিন আজমলে আগবঢ়োৱা ১ লাখ টকাৰ সাহায্য।আজমল ফাউণ্ডেচনৰ ফালৰ পৰা চিকিৎসক গৰাকীক ১ লাখ টকাৰ সাহায্য আগবঢ়াব বুলি সাংসদ গৰাকীয়ে ঘোষণা কৰিছিল।
উল্লেখ্য যে আজমল ফাউণ্ডেচনৰ সাহায্য গ্ৰহণ নকৰি চিকিৎসক গৰাকীৰ পৰিয়ালে কয়-'আজমলৰ মহানুভৱতাৰ শলাগ লৈছো , কিন্তু তেওঁ আগবঢ়াবলৈ লোৱা নগত ধন আমাৰ পৰিয়ালৰ প্ৰয়োজন হোৱা নাই’।
গুৰুত্বপূৰ্ণ কথা যে চিকিৎসাধীন হৈ থকা আহত চিকিৎসক সেউজ সেনাপতিয়ে পৰিয়াল তথা মাতৃক ধন যাতে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনাইছিল। তেওঁলোকে গ্ৰহণ নকৰা ধনৰাশি 'শৈক্ষিক কামত ব্যৱহাৰ কৰাৰ আহ্বান জনায়'।
'টকাৰ প্ৰয়োজন নাই, আক্ৰমণৰ ন্যায় প্ৰদানৰ বাবেহে সহায় কৰক'- লগতে পৰিয়ালে কয়।
উল্লেখ যোগ্য যে, গুৰুতৰ ভাৱে আহত চিকিৎসক গৰাকীৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতালত অসম চৰকাৰৰ তত্বাৱধানত চিকিৎসা চলি আছে।
আনহাতে বৰ্বৰ ঘটনাটোৰ সৈতে জড়িত ২৪ জন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- Log in to post comments
- 113 views