ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন: পঞ্চভূতত বিলীন সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ নশ্বৰদেহ

Dr.Lakshminandan Bora

নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল বিশিষ্ট সাহিত্যিক ডঃ লক্ষীনন্দন বৰা। ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সাহিত্যিক গৰাকীক জনোৱা হ’ল শেষ বিদায়। ক’ভিড বাধ্যবাধকতাৰ বাবে নিৰ্দিষ্ট সংখ্যক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন হয় পাতাল ভৈৰৱীৰ স্ৰষ্টা গৰাকীৰ ৷

অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিৱেশনৰ সভাপতি গৰাকীক সাহিত্য সভাৰ ফালৰ পৰা জনোৱা হয় অন্তিম শ্ৰদ্ধাঞ্জলী।

AASU

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সংগঠনৰ পতাকাৰে সাহিত্যিক গৰাকীলৈ শেষশ্ৰদ্ধা জ্ঞাপন কৰে।

Chandramohan Patowary

অসম চৰকাৰৰ হৈ শেষকৃতত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ইয়াৰোপৰি কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও শেষ শ্ৰদ্ধা জনায় বৰাৰ নশ্বৰদেহত।

Biswajit Pegu

উল্লেখ্য যে, ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষনিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

Your Comments