অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত যোৰহাটৰ মেধাবী গৱেষক ছাত্ৰ পংকজ লোচন বৰা হেৰাই গ’ল ক’ভিডত

Pankaj Lochan Bora

জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ দুটা প্ৰখ্যাত প্ৰতিষ্ঠানত যৌথভাৱে ৰসায়ন বিজ্ঞান বিভাগত পি-এইচ.ডিৰ বাবে গৱেষণা কৰি শেষ পৰ্যায়ত উপনীত হোৱা ৩২বছৰীয়া গৱেষক পংকজলোচন বৰাক ক'ভিড-১৯ মহামাৰীয়ে লৈ গ’ল।

পশ্চিম যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰা বৰাই গুৱাহাটী বিশ্ববিদ্যালয় পিছত বেঙ্গালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সৰপৰা উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ বৰ্তমান জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ প্ৰখ্যাত প্ৰতিষ্ঠানত গৱেষণা কৰি থকা মেধাবী গৱেষকজনে ভৱিষ্যতে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প'ষ্ট ডক্টৰেলৰ বাবে আগ্ৰহী আছিল আৰু তাৰ বাবে তেওঁ কেইবাটাও উচ্চমানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত যোগাযোগো অব্যাহত ৰাখিছিল। 

অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত গৱেষকজন কেইমাহমান পূৰ্বে পশ্চিম যোৰহাটৰ পকামূৰাৰ বৰশইকীয়া গাঁও থকা তেওঁৰ নিজ গৃহলৈ আহিছিল। ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ জটিল পৰিস্থিতিৰ বাবে তেওঁ যথাসময়ত কৰ্মস্থলীলৈ উভতি যাব পৰা নাছিল। ঘৰৰপৰা ঘুৰি গৈ তেওঁ গৱেষণাৰ ভাইভাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। তাৰপিছতে পাছতে তেওঁ লাভ কৰিলেহেঁতেন সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু ভাৰতে লাভ কৰিলেহেঁতেন এজন সুদক্ষ ৰসায়ন বিজ্ঞানী। 

Your Comments