হোজাইৰ উদালি মডেল হস্পিতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত যোৱা কালি ঘটি যোৱা ক’ভিড-১৯ৰ প্ৰথম শাৰীৰ যোদ্ধা ডা° সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা মাৰপিটৰ ঘটনাত জড়িত ২৪জনকৈ লোকক আটক কৰা হৈছে ৷
উল্লেখ্য যে, সেনাপতি ১.৩০বজাত কৰ্মক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত এজন ৰোগীৰ পৰিয়ালৰ মানুহে খবৰ দিয়ে যে ৰোগীজনৰ অৱস্থা সংকটজনক ৷ কিন্তু ডাক্তৰ গৈ পোৱালৈ ইতিমধ্যে ৰোগী জনৰ মৃত্যু ঘটিছিল ৷ তাৰপিছতে মৃত ৰোগীজনৰ পৰিয়ালৰ লোকে সেনাপটিক মাধৰ কৰিবলৈ আৰম্ভ কৰে ৷
আহত ডা° সেউজ কুমাৰ সেনাপতি বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়াত ব্যক্তিগত ভাৱে চকু ৰখাৰ আশ্বাস প্ৰদান কৰিছে ৷
- Log in to post comments
- 27 views