বিশ্বত প্রথম বাৰ্ড ফ্লু ষ্ট্ৰেইন H10N3 ভাইৰাছত আক্ৰান্ত চীনৰ বাসিন্দা

Bird flu

ক’ৰ’নাৰ সঙ্কটকালত নতুন ভয়ৰ সংযোজন! পুনৰ কেন্দ্রবিন্দু চীন! সেই দেশৰ পূব জিয়াংচুত বার্ড ফ্লুৰ H10N3 ষ্ট্ৰেইন সংক্রমিত হৈছে এজন ব্যক্তি। মঙ্গলবাৰে সেই বার্তা প্রকাশ কৰিছে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনে।

চীনৰ স্থানীয় সংবাদ মাধ্যমে জনাইছে, ঝিনজিয়াং চহৰৰ ৪১ বছৰ বয়সীয়া ৰোগী গৰাকীৰ শৰীৰত পোৱা গৈছে এই ভাইৰাছ। যদিও তেওঁৰ শাৰীৰিক অৱস্থা বর্তমান স্থিৰ। জানিবলৈ পোৱা গৈছে, স্বাস্থ্য কর্তৃপক্ষই প্রথমে এই বিষয়টো প্ৰকাশ কৰিবলৈ বিচৰা নাছিল। তেওঁলোকৰ দাবি, প’ল্ট্রিৰপৰাই এজনৰ শৰীৰত সংক্রমণ হৈছে। ই কেতিয়াও মহামাৰীৰ ৰূপ ল’ব নোৱাৰে। 

২৮ মে’ত ৰোগীৰ শৰীৰত থকা ভাইৰাছক  H10N3 এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ বুলি চিহ্নিত কৰা হৈছে। কেনেকৈ লোকজন ভাইৰাছত আক্রান্ত হৈছে সেই সম্পর্কে বিস্তাৰিত ভাৱে নজনাকৈ এতিয়াই কোনো সিদ্ধান্ত ল’বলৈ বিচৰা নাই সেই দেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনে ।

ইয়াৰ পূৰ্বে বিশ্বজুৰি H10N3 ভাইৰাছেৰে মানুহৰ সংক্রমণৰ কোনো ঘটনা ঘটা নাছিল। H10N3 হাঁহ-মুর্গীৰ শৰীৰত দেখা যায়।  এইটো  তুলনামূলকভাৱে কম গুৰুতৰ ষ্ট্ৰেইন আৰু ইয়াৰ বৃহৎ আকাৰত বিয়পি পৰাৰ সম্ভাৱনা অতি কম বুলি জনাইছে সেই দেশৰ স্বাস্থ্যকর্মীসকলে।

চীনত এভিয়ান ইনফ্লুৱেঞ্জাৰ বিভিন্ন ষ্ট্ৰেইন আছে ৷ জানিব পৰা অনুসৰি, সংক্ৰমিত ব্যক্তিজন অধিকাংশ সময় প’ল্ট্রি ফার্মৰ সৈতে যুক্ত। H5N8 ইনফ্লুৱেঞ্জা ভাইৰাছৰ এটা উপ প্ৰকাৰ (বার্ড ফ্লু ভাইৰাছ নামেৰেও পৰিচিত)। যদিও H5N8 মানুহৰ মাজত বিয়পাৰ সম্ভাৱনা কম,ই বন্য পখী আৰু হাঁহ-মুর্গীৰ বাবে অত্যন্ত মাৰাত্মক ৷

উল্লেখ্য, বছৰৰ আৰম্ভণিতে ভাৰতৰ বিভিন্ন স্থানত বার্ড ফ্লুৰ সংক্রমণ দেখা গৈছিল। 

Your Comments