নিষিদ্ধ ড্ৰাগছ আৰু ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ সীমান্ত শাখাৰ উপ- আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ। কামৰূপৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে ৰক্ষকৰূপী ভক্ষক গৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে ধুবুৰীৰ নৱ নিযুক্ত অধীক্ষক অভিজিৎ দিলীপৰ নিৰ্দেশত সোমবাৰে গ্ৰেপ্তাৰ হয় খাকী পোচাকত কলংক লগোৱা আৰক্ষী বিষয়া গৰাকী। গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাতিয়েই গুৱাহাটীলৈ অনা হয় উপ-অধীক্ষক গৰাকীক।
আদালতত হাজিৰ কৰাবলৈ অনাৰ সময়ত সাংবাদিকৰ আগত গ্ৰেপ্তাৰ হোৱা দাসে কয়- আদালতত প্ৰমাণ হ’ব।মোৰ ফালৰ পৰা মই প্ৰমাণ কৰিম।অভিযোগ দিলেই নহ’ব আদালতত প্ৰমাণ কৰিব লাগিব।মুখ থাকিলে কৈ দিব পাৰে।আদালতত কেচ উঠিলে প্ৰমাণ হ’ব'।
ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰা বুলি সাংবাদিকে কৰা মন্তব্যত তেওঁ কয়-নিৰ্দেশ কাৰ ক’ব নোৱাৰো।
উল্লেখ্য, আদালতত হাজিৰ কৰোৱাৰ সময়ত ধৃত আৰক্ষী বিষয়া গৰাকীৰ মুখত নাছিল কোনো লজ্জাৰ ভাৱ। বিশেষকৈ অন্য অভিযুক্তক ক’ৰ্টত হাজিৰ কৰোৱাৰ সময়ত অভিযুক্তৰ হাতত হেণ্ডকাফ দেখিবলৈ পোৱা যায়, কিন্তু অসম আৰক্ষীৰ গ্ৰেপ্তাৰ হোৱা বিষয়া গৰাকীৰ হাতত নাছিল কোনো ধৰণৰ হেণ্ডকাফ। একেদৰে
ধৃত আৰক্ষী বিষয়াজনক ক’ৰ্টত হাজিৰ কৰাবলৈ অনাৰ মুহূৰ্তত অন্য সাধাৰণ অভিযুক্তৰ দৰে আৰক্ষীৰ কটকটীয়া বেহুৰ মাজত ভৰাই অনাৰ বিপৰীতে আৰক্ষীৰ বাহনৰ সন্মুখৰ চিটত বহুৱাই অনা হৈছিল। গ্ৰেপ্তাৰ হোৱা বিষয়া গৰাকীক কৰা ৰাজ আতিথ্য দেখি একাংশ ৰাইজে সামাজিক মাধ্যমত বিভিন্ন প্ৰশ্নৰো অৱকাশ তুলিছে।
- Log in to post comments
- 11 views