কেন্দ্ৰৰ আপত্তিৰ ফল! ভাৰতীয় ক’ৰ’নাৰ নাম 'Delta' আৰু 'Kappa' ৰাখিলে WHOএ

Corona virus

যোৱা অক্টোবৰত ভাৰতত ক’ৰ’না ভাইৰাছৰ দুটা নতুন প্রজাতিৰ সন্ধান পোৱা যায়। প্রাথমিকভাৱে যাৰ নাম আছিল বি.১.৬১৭.১ আৰু বি.১.৬১৭.২। বহুতে 'ভাৰতীয় প্রজাতি' বোলাও আৰম্ভ কৰিছিল। কিন্তু তীব্র আপত্তি জনায় কেন্দ্রই। সোমবাৰে ভাৰতত পোৱা ক’ৰ’নাৰ নাম সলনি কৰিলে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ।

ক’ৰ’না ভাইৰাছৰ নতুন ভাৰতীয় প্রজাতিৰ নাম‘ডেল্টা’ ৰখা হৈছে।  যি গ্রীক বর্ণমালাৰ চতুর্থ বর্ণ। আন এটা প্রজাতিৰ নাম ৰখা হৈছে 'কাপ্পা'। এইটো গ্রীক বর্ণমালাৰ দশম বর্ণ। ইয়াৰ পূৰ্বে ব্রিটেইনত যি প্রজাতিৰ সন্ধান পোৱা গৈছিল তাৰ নাম পিছত ৰখা হয় 'আলফা'। 

ইয়াৰোপৰি,  যোৱা বছৰ দক্ষিণ আফ্রিকাত যি ক’ৰ’না প্রজাতিৰ অস্তিত্ব পোৱা গৈছিল, তাৰ নাম দিয়া হৈছিল ‘বিটা’। নৱেম্বৰত ব্রাজিলত ক’ৰ’না ভাইৰাছৰ যি প্রজাতিয়ে সংক্রমণ বিয়পাইছিল তাৰ নাম ‘গামা' দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ 

WHOৰ তৰফৰপৰা অৱশ্যে টেকনিকেল বিভাগৰ কর্তা মাৰিয়া ভেনে জনাইছে, 'নতুন এই নামৰ সৈতে বিজ্ঞানসম্মত নামৰ কোনো সংযোগ নাই। গৱেষণাত আৰু বৈজ্ঞানিক তথ্য আদান-প্রদানত সেই নামেই ব্যৱহৃত হ’ব।' 

Your Comments