পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ খালী পদ আৰু ক’ভিড মুক্ত পঞ্চায়তৰ সংখ্যা,পঢ়ি জানি লওক

Ranjit kr. Das

ক'ৰ'না আতংকৰ মাজতে নিবনুৱাসকলৰ বাবে ভাল খবৰ।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শীঘ্ৰে হ’ব বৃহৎ নিযুক্তি।খালী পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ১লাখ চাকৰিৰ লক্ষ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা থাকিব ৩২৮৭টাপদ। ইতিমধ্যে বিত্তীয় বিভাগে বিচৰা খালী পদৰ তথ্য পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে প্ৰেৰণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে কয়।

পাঞ্জাবাৰী পঞ্চায়ত-গ্ৰামোন্নয়নৰ সঞ্চালকালয়ৰ এক সংবাদমেলত দাসে কয়- বিভাগটোত তৃতীয়বৰ্গৰ ১০০৪টা স্থায়ীপদ আৰু ১৩০০টা ঠিকাভিত্তিক পদ, চতুৰ্থবৰ্গৰ ৩৫০টা পদ আৰু এছআৰএলএমত ৬২৯ টাকৈ পদ খালী হৈ আছে।

Ranjit Kr. Das

সংবাদমেলত মন্ত্ৰী দাসে তথ্য প্ৰকাশ কৰি কয়- ৰাজ্যৰ ২১৫৭ খন পঞ্চায়ত, ৪৮৯খন ভিচিডিচি-ৰ ভিতৰত ৩০৪খনকৈ পঞ্চায়ত বা ভিচিডিচি ক’ভিড মুক্ত ।

ক’ভিড মুক্তি পঞ্চায়ত সৰ্বাধিক থকা জিলা সমূহ কোকৰাঝাৰ ৫৭খন, বাক্সা ৩০খন,বৰপেটা ২৮খন, ডিমা-হাছাও ২৮খন, নগাঁও ১৫খন, গোৱালপাৰা ১৮ খন, মাজুলী ৮খন, ওদালগুৰিত ৯খন, হোজাই ১৯খন বুলি সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী দাসে।

উল্লেখ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে 'আমাৰ গাঁৱত আমি যুঁজিম আমি ক’ভিড জিনিম' শীর্ষক আঁচনিৰে প্ৰতি পঞ্চায়তত ১টাকৈ 'ৱাৰ ৰুম' আৰু ট্ৰাছ ফৰ্চ গঠন কৰিছে।ৱাৰ ৰুমে পঞ্চায়তৰ অন্তৰ্গত ক’ভিড আক্রান্তক বিভিন্ন পৰামৰ্শ দিয়াৰ  লগতে স্বাস্থ্যৰ বুজ লয়। তাৰ বাবে ২৩কোটি টকা ব্যয় কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী দাসে।

আনহাতে মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক মন্ত্ৰী দাসে সকিয়নী প্ৰদান কৰি কয়- 'সকলো সংস্কাৰ হওক তাৰ বাবে ১৫দিনৰ সময় দিয়া হৈছে।অন্যথা বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হব'।

Your Comments