কাৰাগাৰৰ পৰা অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত বিধায়ক হিচাপে শপত লৈ শিৱসাগৰ সমষ্টিবাসীক কৃতজ্ঞতা জনালে বিধায়ক অখিল গগৈয়ে।শপত গ্ৰহণৰ ঐতিহাসিক দিনটোত সমষ্টিবাসীক আশ্বস্ত কৰি লিখিত ৰূপত বিধায়ক অখিলৰ বহুকেইটা প্ৰতিশ্ৰুতি।
ৰাজনৈতিকভাৱে অসম বিধান সভাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ বাবে শিৱসাগৰবাসীক কৃতজ্ঞতা জনাই তেওঁ কয়- "প্ৰাৰ্থীক নেদেখাকৈ কেৱল ৰাজনৈতিক আদৰ্শ আৰু কাৰ্যকলাপ চাই মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস ৰচনা কৰিলে।ঐতিহাসিক জয়ে জনগণৰ সংগ্রামখনৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিলে।এয়া যেন ডেউকা ভঙা যুঁজাৰু পক্ষীৰ যুঁজিবলৈ গজি উঠা নতুন ডেউকা।"
পূৰ্বতে কোৱাৰ দৰে পুনৰ তেওঁ কয়-"এয়া মোৰ অসমবাসীৰ জাতীয় অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্রামৰ পৰা পলায়ন নহয়,বৰং আন এখন বিশাল সংগ্রামৰ আৰম্ভণি।"তেওঁ উল্লেখ কৰে - "অসম বিধানসভাত দৃঢ়তাৰে,অকতুভয়ে, অসম,অসমীয়া জাতি আৰু অসমৰ জনগণৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্রামখনক তুলি ধৰিম।"চৰকাৰৰ যিকোনো ধৰণৰ জনবিৰোধী কাম-কাজৰ সবলভাৱে বিৰোধিতা কৰা হ'ব বুলি তেওঁ কয়।
"এজন গঠনমূলক বিৰোধী হিচাপে অসমবাসীৰ গণতান্ত্ৰিক অধিকাৰ বা বাক্স্বাধীনতা হৰণ কৰা সকলো চৰকাৰী কামৰ সমালোচনা কৰিম আৰু সদায়ে জনগণৰ লগত থাকিম"-বিধায়কগৰাকীয়ে লগতে কয়।
উল্লেখ যে বিধায়ক হিচাপে শুকুৰবাৰে পুৱা ১১.১৯ বজাত শপত গ্ৰহণ কৰে অখিলে।প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰায় গগৈক।
- Log in to post comments
- 64 views