টিংৰাই বিস্ফোৰণত ব্যৱহাৰ হোৱা বাইকসহ দুই অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ, পঢ়ি জানি লওক

Grenade blust

তিনিচুকীয়াৰ টিংৰাইৰ ভয়ংকৰ  গ্ৰেণেড বিস্ফোৰণৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ।বিস্ফোৰণত ব্যৱহৃত ক’লা ৰঙৰ পালচাৰ বাইকসহ গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাই আৰু হীৰেন গগৈ ওৰফে মুনুক।অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে প্ৰকাশ কৰিছে এই তথ্য।

উল্লেখ্য ১৪ মে'ত টিংৰাই বজাৰত মটৰ চাইকেলত আহি সংঘটিত কৰিছিল ভয়ংকৰ বিস্ফোৰণটো।বিস্ফোৰণৰ সময়ত বাইক চালক হিচাপে ৰঞ্জিত চাংমাই, আৰোহী ৰূপত হীৰেন গগৈ আছিল।দুই গৰাকী অভিযুক্তক সেনা আৰু আৰক্ষীয়ে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ যোগ্য যে, ভয়ংকৰ বিস্ফোৰণটোত দুগৰাকী লোকৰ মৃত্যু হৈছিল।

Your Comments