ক'ৰ'না আক্রান্ত-আৰ্তজনক সহায়ৰ লক্ষ্যৰে এজেপিৰ 'জৰুৰীকালীন ক’ভিড সঁহাৰি কোষ' গঠন, সবিশেষ পঢ়ি জানি লওক

AJP

ক'ৰ’না মহামাৰীৰ সংকটৰ সময়ত ৰাজ্যৰ আৰ্তজনৰ কাষত অসম জাতীয় পৰিষদ।ক’ভিড আক্রান্ত আৰু সৰ্বসাধাৰণ জনতাক বিভিন্ন ধৰণেৰে সহায় কৰিবলৈ নৱগঠিত আঞ্চলিক দলটোৱে অসমৰ প্ৰতিখন জিলাক সামৰি 'জৰুৰীকালীন ক’ভিড সঁহাৰি কোষ' গঠন কৰাৰ কথা ঘোষণা কৰিলে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। জিলা পৰ্যায়ত দলৰ কিছু সদস্যই কোষটো গঠন কৰিব। জনতাৰ সহায় হোৱাকৈ যোগাযোগ নম্বৰ উল্লেখ থাকিব।উক্ত নম্বৰত ক’ভিড আক্রান্ত ৰোগী অথবা সৰ্বসাধাৰণ জনতাই নিজৰ বিভিন্ন ধৰণৰ অভাৱ, অভিযোগ,  অসুবিধা,ঔষধ-পাতিৰ সমস্যা বা যিকোনো ধৰণৰ সমস্যা অৱগত কৰিলে সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা চলাব কোষে।

উল্লেখ্য যে ইতিমধ্যে ১৫-২০খন জিলাত গঠন হৈছে কোষ।উক্ত জিলা সমূহৰ জনতাৰ সুবিধা হোৱাকৈ অসম জাতীয় পৰিষদে মুকলি কৰিছে নিৰ্দিষ্ট যোগাযোগ নম্বৰ।জিলা ভিত্তিত মুকলি কৰা যোগাযোগ নম্বৰ সমূহ- কামৰূপ মহানগৰ জিলাৰ 9101321679 আৰু 9435731820।শিৱসাগৰ জিলা-8822091572।ডিব্ৰুগড় জিলা-8812876404।দৰং জিলা
-6901997001।ধেমাজি জিলাৰ
-9954332430, 9101730268 আৰু 8638240074।তিনিচুকীয়া জিলা-7575969557।নলবাৰী জিলা-9957443052, 9864699058, 8011430518, 9954906013, 8638574636।হোজাই জিলাৰ -9864222028,
7002835589।যোৰহাট জিলা
7002795227।বঙাইগাঁও জিলা
8638182129।লখিমপুৰ জিলা
9706068971।তেজপুৰ জিলা
6026556507।মৰিগাঁও জিলা
7002319284।বাক্সা জিলা
9365106691।বিশ্বনাথ জিলা
9394104929।শদিয়া মহকুমা
8822587156।ধুবুৰী জিলাত
8638273061।বজালী জিলা
8011434368, 9957709173
কামৰূপ জিলা 9864294293

জিলা পৰ্যায়ত কোষৰ যোগাযোগ নম্বৰ মুকলি কৰি সভাপতি গগৈয়ে কয়-মানৱ জাতিয়ে দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধ ভাৱে যুজঁ দিয়াৰ সময় এয়া।চৰকাৰ-প্ৰশাসনে ক’ভিড সহায় কোষক সহযোগিতা কৰাৰো আহ্বান জনায়।

দলৰ মুখ্যকাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত সভাপতি গৰাকীয়ে জানিবলৈ দি কয়-ক'ৰ’না আক্রান্তক সহায়ৰ বাবে এজেপিয়ে প্লাজমা বেংক স্থাপনৰ চিন্তা-চৰ্চা কৰিছে।পঞ্জীয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত দলৰ সদস্য,কৰ্মকর্তা ,জাতীয় সেৱক সকলক পঞ্জীয়নৰ আহ্বান তথা জাননী জাৰি কৰা বুলি তেওঁ কয়।অন্য সকলে plasmafinder.assamjatyiaparishad.com বেৱছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ কথা ক’ভিড আক্রান্তক  প্লাজমা প্ৰয়োজন হোৱা ব্যক্তিক সহায় কৰিবলৈ লোৱা হৈছে এই প্ৰচেষ্টা গগৈয়ে কয় ।

আনহাতে অনলাইনৰ পৰিৱৰ্তে অফলাইন প্ৰক্ৰিয়াৰে ক’ভিড টীকাকৰণ ব্যৱস্থা কৰাৰ দাবী জনায় লুৰীণ জ্যোতি গগৈয়ে।লগতে শিশু আৰু জ্যেষ্ঠ সকলোকে আচঁনিৰ আওঁতালৈ আনিবলৈ আহ্বান জনায়।নহ’লে ক’ভিডৰ তৃতীয় ঢৌত সমাজৰ ১৮ বছৰৰ তলৰ শিশু, কিশোৰ সকল আক্রান্ত হ’ব।

সংবাদমেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান উপস্থিত থাকে।

Your Comments