চৰকাৰ সলনিৰ লগে লগে ৰাজ্যৰ অধিকাংশ জিলা আৰক্ষী অধীক্ষক সলনি, পঢ়ি জানি লওঁক

Assam police

অসম আৰক্ষীত ব্যাপক সাল -সলনি। ৰাজ্যৰ অধিকাংশ জিলাৰ আৰক্ষী অধীক্ষক বদলি।

ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি কৰা হৈছে নগাঁৱলৈ। 

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক  বদলি কৰা হৈছে শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰূপে।

যোৰহাট জিলাত নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে নতুন অংকুৰ জৈনক।

চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰি অনা হৈছে আইপিএছ বিষয়া গৌৰৱ উপাধ্যায়ক।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হ’ব ডিব্ৰুগড়ৰ অধীক্ষক টি.পি বিজয় কুমাৰ।

হাইলাকান্দিৰ নতুন অধীক্ষক হ’ব হামৰেণৰ ৰমনদীপ কৌৰ।

বৰপেটাৰ অধীক্ষক ৰবীন কুমাৰক গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

কাছাৰৰ অধীক্ষক বি.এল মীনাক দুৰ্নীতি নিবাৰক অধীক্ষক নিযুক্তি ।

গোলাঘাটৰ অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি।

নগাঁৱৰ অধীক্ষক গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীৰ অধীক্ষকৰূপে নিযুক্তি।

মাজুলীৰ অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ অধীক্ষকৰূপে নিযুক্তি।

গুৱাহাটীৰ অপৰাধ শাখাৰ ডিচিপি বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি।

ডিব্ৰুগড়ৰ অধীক্ষকৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰক।

গুৱাহাটী পূব মণ্ডলৰ ডিচিপি ৰূপে নিযুক্তি শুভ্ৰজ্যোতি বৰাক।

গুৱাহাটীৰ অপৰাধ শাখাৰ ডিচিপি ৰূপে মোহনলাল মীনাক নিযুক্তি।

শোণিতপুৰৰ অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি।

লখিমপুৰৰ অধীক্ষক ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক।

তিনিচুকীয়াৰ অধীক্ষক ৰূপে বদলি দেৱজিৎ দেউৰীক।

মাজুলীৰ অধীক্ষকৰূপে নিযুক্তি গৌতম বৰাক।


মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি।


বিশ্বনাথৰ অধীক্ষক ৰাজেন সিঙক বাক্সাৰ অধীক্ষকৰূপে নিযুক্তি।

চিৰাঙৰ অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ অধীক্ষকৰূপে বদলি।

লখিমপুৰৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ এআইজিপি ৰূপে বদলি।

বঙাইগাঁৱৰ অধীক্ষকৰূপে নিযুক্তি স্বপ্ননীল ডেকাক।


বঙাইগাঁৱৰ অধীক্ষক সুবোধ সোণোৱালক দক্ষিণ শালমৰালৈ বদলি।

যোৰহাটৰ অধীক্ষক মৃণাল তালুকদাৰক সপ্তম আৰক্ষী বেটেলিয়নলৈ বদলি।

শিৱসাগৰৰ অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি।

বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ অধীক্ষক নিযুক্তি।

দৰঙৰ অধীক্ষক ৰূপে নিযুক্তি আৰক্ষী মুখ্য কাৰ্যালয়ৰ সুশান্ত বিশ্ব শৰ্মাক।

ওদালগুৰিৰ অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰ অধীক্ষকৰূপে বদলি।

হামৰেণৰ অধীক্ষক ৰূপে অজংৰান বসুমতাৰীক নিযুক্ত দিয়া হৈছে।

মৰিগাঁৱৰ অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি।

হাইলাকান্দিৰ অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ অধীক্ষক ৰূপে নিযুক্তি।

Your Comments