হাজোৰ বৰ্ণিত এল্টো বাহনৰ ওপৰত বন্ধা অৱস্থাত উদ্ধাৰকৃত মৃতদেহক লৈ চাঞ্চল্য      

Pic

বিশেষ প্ৰতিবেদক,হাজো:

পৱিত্ৰ ঈদ-উল-ফিতৰৰ প্ৰাক সন্ধ্যা কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিত উদ্ধাৰকৃত এটি মৃতদেহক লৈ সংখ্যালঘু অধ্যুষিত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ১৩ মে'ৰ নিশা প্ৰায় সাত বজাত বৰ্ণিৰ ৰাজপথেৰে এ এছ ০১-- বি টি ০৯১২ নম্বৰৰ এখন এল্টো বাহন আৰু বাহনখনৰ ওপৰত তেজেৰে তুমুৰলি হৈ থকা মৃতদেহ বন্ধা অৱস্থাত আনি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ৰাইজে। তেনে অৱস্থাত মৃতদেহসহ বাহনখন দেখি প্ৰত্যক্ষদৰ্শী ৰাইজে গাড়ীৰ পিছে পিছে দৌৰিবলৈ ধৰে। ৰাইজৰ উপস্থিতিৰ উমান পাই চালকে বাহনখন বৰ্ণি হাইস্কুলৰ পিছ ফালেৰে যোৱা পথেৰে সোমাই দিয়ে আৰু তাতেই বাহনখন এৰি চালক সহ আৰোহী এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ততালিকে,স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক খবৰ দিয়ে।খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু বাহন শখনৰ ওপৰত বান্ধি অনা মৃতদেহটো চমজি লয়। উদ্ধাৰকৃত মৃতদেহটো মুকলমুৱা আৰক্ষী থানাৰ অন্তৰ্গত আদাবাৰী- সূতাৰকুছিৰ নৃপেন কলিতা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

পিন্ধনত লংপেন্ট, চাৰ্ট আৰু মুখত মাস্ক পৰিহিত যুৱকজনক কোনে-কিয় হত্যা কৰিলে, সেয়া অদ্যাপিও জানিব পৰা নাই।

Your Comments