ডিগবৈৰ টিংৰাইত হোৱা বিস্ফোৰণত আলফা(স্বা) জড়িত নহয়- পৰেশ বৰুৱাৰ স্পষ্টীকৰণ

Paresh Baruah

ডিগবৈৰ টিংৰাইত হোৱা গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত আলফা(স্বা)এ প্ৰকাশ কৰিলে স্পষ্টীকৰণ। ঘটনাৰ সৈতে জড়িত নহয় সংযুক্ত মুক্তি বাহিনী অসম। সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই এই কথা সংবাদ মাধ্যমক টেলিফোন যোগে অৱগত কৰিলে।

সু-পৰিকল্পিত ভাৱে এটা চক্ৰই এই কাৰ্য কৰিছে। অসম আৰক্ষী বা ভাৰতীয় সেনা বাহিনীৰ এটা অসৎ চক্ৰ জড়িত থকা বুলিও গুৰুত্বৰ  অভিযোগ তোলে বৰুৱাই। কিন্তু কিয় এইবোৰ কাম কৰিছে আমি নাজানো বুলি তেওঁ লগতে কয়।

আলফা(স্বা)ক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈয়ে এনে কাৰ্য কৰা বুলি সেনাধক্ষ্য গৰাকীয়ে কয়। লগতে তেওঁ সন্দেহ প্ৰকাশ কৰি কয় ৰাজ্যৰ নতুন চৰকাৰখনক ৰাজনৈতিক ভাৱে শলঠেকত পেলাবৰ বাবেও দুষ্ট চক্ৰই এই কাম কৰিব পাৰে।

Your Comments