গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত ক'ৰ’না পৰিৱেশ অধিক জটিললৈ গতি কৰিছে।আগন্তক ৭দিনত যদি পৰিৱেশ উন্নত নহয় তেন্তে কঠোৰ হ’ব ক’ভিড নিৰ্দেশনা। উদ্বেগেৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
জিএমচিএইচত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- সমগ্ৰ অসমতে লক্ডাউনৰ সম্ভাৱনা নাই।কিন্তু গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰিৱেশ বেয়া হৈছে। ইয়াতকৈ কঠোৰ হ’ব বাধ্য-বাধকতা'।
ক'ৰ’নাই ৰূপ সলাইছে। পূৰ্বৰ ঘাটক ক্ষমতাতকৈ বৃদ্ধি পাইছে এইবাৰৰ ঘাটক ক্ষমতা। যাৰ বাবে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখ্য পূৰ্বৰ দৰে কোৱাৰেন্টাইন হৈ থকা দৰিদ্ৰ পৰিয়ালক দুহেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব। সোমবাৰৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব- ডঃ শৰ্মাই কয়।
আনহাতে ১৭মে’ৰ পৰা গুৱাহাটীত চিনাক্ত ৫০ বছৰৰ ঊৰ্ধৰ ক'ভিড আক্রান্ত ক’ভিড কেয়াৰ চেণ্টাৰ বা চিকিৎসালয়ত থাকিব লাগিব যদিহে ঘৰত সুকীয়া কোঠা আৰু লেট্ৰিন বাথৰুম নাথাকে। কাৰণ বৰ্তমানলৈ জিএমচিএইচত মৃত্যু হোৱা ১৮০ জন ৰোগীৰ ভিতৰত আক্রান্ত ৫০ শতাংশ ৫০বছৰৰ ঊৰ্ধৰ ব্যক্তি আছিল। তাৰ বাবে কঠোৰ হ’ব লাগিব- মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
গুৱাহাটী মহানগৰীত ১৭ মে’ৰ পৰা ২০হাজাৰকৈ দৈনিক ক'ভিড টেষ্ট কৰা হ’ব।
চাহ বাগিচাত ক'ভিড নিয়ন্ত্ৰণৰ বাবে সুকীয়া এছঅ’পি শনিবাৰে প্ৰকাশ পাব। সংবাদমেলত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।
- Log in to post comments
- 68 views