কামৰূপ(ম) জিলাত ১৩ মে'ৰপৰা যুগ্ম-অযুগ্ম বাহন চলাচলৰ নিয়ম, পঢ়ি জানি লওঁক

Traffic rule

বৃহস্পতিবাৰৰপৰা ৰাজ্যত যান- বাহন চলাচলত প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত চলাচল কৰিব লাগিব যান-বাহনসমূহ ।প্ৰত্যেক জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্ধাৰণ কৰিব যুগ্ম-অযুগ্ম  বাহন চলাচলৰ দিন।

প্ৰশাসনৰ নিৰ্দেশ মৰ্মে কামৰূপ(ম) জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্ধাৰণ কৰিছে যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত বাহন চলাচলৰ নিয়ম।

Notice

বৃহস্পতিবাৰে অৰ্থাৎ ১৩মে'ত জিলাখনত অযুগ্ম নম্বৰৰ বাহনসমূহ চলাচল কৰিব পাৰিব। উল্লেখ্য, অযুগ্ম নম্বৰ হ'বলৈ হ'লে গাড়ীৰ শেষৰ নম্বটো ১,৩,৫,৭,৯ হ’ব লাগিব।

ইফালে শুক্ৰবাৰে অৰ্থাৎ ১৪ মে’ৰ দিনা জিলাখনত যুগ্ম নম্বৰৰ বাহন চলাচল কৰিব। উল্লেখ্য, যুগ্ম নম্বৰ হ’বলৈ শেষৰ নম্বৰটো ০,২,৪,৬,৮ হ’ব লাগিব।

গুৰুত্বপূৰ্ণ কথা যে জিলাখনত এটা দিন যুগ্ম-এটা দিন অযুগ্ম নম্বৰৰ বাহন চলাচলৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

উল্লেখ যোগ্য যে, প্ৰশাসনৰ এই নিৰ্দেশ চৰকাৰী বাহন, এলপিজি, পানী, গাখীৰ, এম্বুলেন্স, চিকিৎসাৰ সৈতে জড়িত ব্যক্তিগত বাহন, ক'ৰ’নাৰ সৈতে জড়িত বাহন, ৰোগী কঢ়িয়াই নিয়া ব্যক্তিগত বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। সংবাদ মাধ্যমৰ  সৈতে জড়িত বাহনো ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

Your Comments