"ৰাইজ সাৱধান হওঁক,ক'ভিড প্ৰট'কল ভংগ কৰিলে আৰক্ষী অতিকে কঠোৰ হ'ব"-ডিজিপি

DGP

*আৰক্ষীক গালি পাৰি পেপাৰত ডাঙৰ ডাঙৰ প্ৰৱন্ধ লিখিও লাভ নহ'ব,আৰক্ষী কঠোৰ হ'ব- ডিজিপি*


"ক'ৰ'না প্ৰতিৰোধৰ বাবে জাৰি কৰা নিৰ্দেশনা পালনৰ ক্ষেত্ৰত কোনো কম্প্ৰ'মাইজ-আপোচ যাতে নহয়,সেই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰখা হ'ব"-এই ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

দুই বজাৰ পিছতো বহু দোকান-পোহাৰ লুকাই-চুৰি কৰি মুকলি হৈ থকাৰ অভিযোগ অসম আৰক্ষীৰ হাতত থকা কথা উল্লেখ কৰি তেওঁ কয়-"নতুন নিৰ্দেশনাৰ সময়ত যদি হাতে-লোটে এনে দোকান ধৰা পৰে,তেন্তে আৰক্ষীয়ে অধিক কঠোৰ ব্যৱস্থা ল'ব।"

গ্রাম্য অঞ্চলত নৈশ সান্ধ্য আইন সফল কৰি তুলিবলৈ গাঁওৰক্ষী বাহিনীক আহ্বান মহন্তই আহ্বান জনায়।"আৰক্ষী বাহিনীয়ে গ্ৰাম্য অঞ্চলসমূহত সমানে তহল দিয়াটো সম্ভৱ নহয়।"

"উপায়ুক্ত কাৰ্যালয় আৰু এছপি কাৰ্যালয় খোলা থাকিব।আৱশ্যক বিষয়া-কৰ্মচাৰীক উচ্চ বৰ্গৰ বিষয়াই মাতি কাৰ্য সম্পাদন কৰিব পাৰিব।"

"কণ্টেইমেণ্ট জ'নত ৰাইজে তামাছা নকৰিব।গুৱাহাটী বহু কণ্টেনমেণ্ট জ'নত ৰাইজে ঘূৰি-ফুৰি ধেমালি কৰা আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে।পুলিচক ফাঁকি দি লাভ নহ'ব।এই ক্ষেত্ৰত অতিকে কঠোৰ হ'ব আৰক্ষী।আৰক্ষীক গালি পাৰি,ডাঙৰ-ডাঙৰ কথা পেপাৰত প্ৰৱন্ধ লিখিও লাভ নহব"-মহন্তই কয়।

দোকান-পোহাৰ বন্ধৰ আগমুহূৰ্তত ৰাইজে দোকানত ভিৰ কৰা সন্দৰ্ভত মহন্তই কয়-"অনুমতি থকাৰ সময়তো যদি দোকান-পোহাৰত গ্ৰাহকে ভিৰ কৰে বেয়া নাপাব, আৰক্ষীয়ে লাঠী চলাব।আমাৰ বিৰুদ্ধে গালি-কেচ দিলেও দিব।"

Your Comments