ক'ৰ'নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্যৰ শিক্ষা বিভাগ। ইতিমধ্যে ক'ৰ’নাৰ বাবে সমগ্ৰ ৰাজ্যত অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠানসমূহ। বিদ্যালয় বন্ধৰ বাবে ছাত্ৰ-ছাত্ৰীৰ যাতে শিক্ষাবৰ্ষ নষ্ট নহয় তাৰ বাবে অসম মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ পৰীক্ষা বাতিল কৰি প্ৰ-পত্ৰ পূৰণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ কৰোৱাৰ ব্যৱস্থা কৰিছে।
ইফালে অহা ১৫ মে’ৰ পৰা দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ শ্রেণী সমূহ অনলাইনৰ জৰিয়তে আৰম্ভ কৰিবলৈ সংসদে জাননী জাৰি কৰিছে।
- Log in to post comments
- 9 views