ৰাজ্যত দ্ৰুত গতিত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্থগিত কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ পৰীক্ষাসমূহৰ বাবে নতুন দিন ঘোষণা কৰা হ’ল। 'অপেন বুক' ব্যৱস্থাৰে অনলাইন পদ্ধতিত ১জুনৰ পৰা স্নাতকোত্তৰ পৰীক্ষা সমূহ অনুষ্ঠিত হ'ব আৰু ১৫ জুনৰ ভিতৰত শেষ হ’ব।
আনহাতে, জুনৰ দ্বিতীয় সপ্তাহৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পৰীক্ষা সমূহ আৰম্ভ হ’ব।সম্পূৰ্ন অনলাইন পদ্ধতিৰে অপেন বুক ব্যৱস্থাৰে বিশ্ববিদ্যালয়খনে অনুষ্ঠিত কৰিব লগীয়া অনলাইন পৰীক্ষাত যি সকল পৰীক্ষাৰ্থীৰ অসুবিধা হ’ব তেওঁলোকে বিভাগৰ মুৰব্বী তথা মহাবিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰিব লাগিব। শুক্ৰবাৰে জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।
উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত শুক্ৰবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনলাইন বৈঠকৰ অন্তত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
পৰীক্ষাৰ সন্দৰ্ভত শীঘ্ৰে পৰীক্ষা নিয়ন্ত্ৰকে প্ৰকাশ কৰিব এছঅপি।
তাৎপৰ্যপূৰ্ণ কথা এই যে, ক'ৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ বাবে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে।
- Log in to post comments
- 17 views