এই প্ৰথম প্ৰকাশ ক’ভিড-১৯ ভাইৰাছৰ মিউটেচনৰ Molecularৰ ছবি

Covid-19

কিয় এই নতুন ক’ভিড ভাইৰাছ আগৰ ভাইৰাছটোতকৈ ইমান বেছি সংক্রামক, সেই বিষয়ত বিজ্ঞানীসকলৰ মনত যথেষ্ট প্রশ্ন উদয় হৈছিল। এইবাৰ  সেই প্ৰশ্নৰ উত্তৰ পোৱাৰ পথত তেওঁলোক।

কানাডাৰ গৱেষকসকলে ক’ভিড ভাইৰাছ মিউটেচনৰ এখন ছবি প্রকাশ কৰিছে। ক’ভিড-১৯ ভাইৰাছৰ B.1.1.7 variant-ৰ গঠনমূলক ছবি এই প্রথম প্ৰকাশত আহিল। এই গঠনতন্ত্রৰপৰা ইয়াৰ সংক্রমণশক্তিৰ এক ব্যাখ্যা পাব পৰা যায় বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। ব্ৰিটেইন, ভাৰত আৰু কানাডাত এই নতুন  ষ্ট্ৰেইনৰ অত্যধিক প্রকোপে কাহিল কৰিছে জনজীৱন।

যোৱা বছৰ ডিচেম্বৰৰ মাজ ভাগত বিশ্ব স্বাস্থ্য সংস্থাই এই B.1.1.7 variant-ৰ কথা প্রথম জনাইছিল। তেওঁলোকে কৈছিল, এই ধৰণটোৱে অস্বাভাৱিক দ্রুত গতিত মিউটেচন ঘটায়। 

কি দৰে? তাৰ এক ব্যাখ্যা দিছে ড° শ্ৰীৰাম সুব্ৰমণিয়ামে। এওঁ ইউনিভাৰ্চিটি অফ্‌ ব্ৰিটিছ কলম্বিয়াৰ biochemistry and molecular biology বিভাগৰ সৈতে যুক্ত। বিজ্ঞানী, গৱেষক, অধ্যাপক সুব্ৰমণিয়ামে জনাইছে, এই ছবিখন এটমিক ৰিজলিউচনৰ ওচৰা-ওচৰি। ছবিখনৰ বিশ্লেষণৰপৰা তেওঁ জনাইছে, ভাইৰাছৰ স্পাইক-প্রোটিনত N501Y নামৰ মিউটেচনৰ এটা ধৰণ দেখা গৈছে। এই স্পাইক আহিলে ক’ৰ’না সংক্রমণ-কালত মানুহৰ শৰীৰৰ কোষৰ সৈতে যুক্ত কৰে ভাইৰাছটোক। যুক্ত থকা কালত যি মিউটেচনৰ মাজেৰে যায় ভাইৰাছটো, এই ছবিটো সেই বিষয়টোকে তুলি ধৰিছে। তেওঁ জনাইছে, এই N501Y mutation হ’ল B.1.1.7 variant-ৰ একমাত্র মিউটেচন। যিটো ক’ৰ’না ভাইৰাছৰ স্পাইকত হয়।

উল্লেখ্য, এই B.1.1.7 variant প্রথম ধৰা পৰে ব্ৰিটেইনত আৰু পিছত এইটো কানাডালৈও বিয়পি পৰে।

Your Comments