ক'ৰ'নাৰ দ্ৰুত সংক্ৰমণত উদ্বিগ্ন উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত কৰাৰ বিষয়ে জাননীৰ জড়িয়তে ঘোষণা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ।১১মে'ৰ পৰা অনুষ্ঠিত নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
উল্লেখ যে ক'ৰ'না পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হয় বুলি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিবলৈ দিয়ে।
জাননীখনত উল্লেখ থকা অনুসৰি পৰৱৰ্তী জাননী নিদিয়ালৈকে এই সিদ্ধান্ত বাহাল থাকিব।
- Log in to post comments
- 19 views