কোভিড সংক্ৰমণত বিপৰ্যস্ত মুম্বাইবাসীৰ বাবে সুখবৰ।সোমবাৰে মহানগৰখনত বিগত ৫ সপ্তাহৰ ভিতৰত সৰ্বনিম্ন কোভিড আক্ৰান্ত ধৰা পৰিছে।বিগত ২৪ ঘণ্টাত মুম্বাইত ২,৬২৪গৰাকী লোক আক্রান্ত হৈছে,যিটো সংখ্যা ৫ সপ্তাহৰ ভিতৰত সৰ্বনিম্ন।অৱশ্যে,পূৰ্বৰ দিনবোৰত গড়ে ৫০,০০০ ক'ৰ'না পৰীক্ষা কৰাৰ বিপৰীতে দেওবাৰে ৩৮,০০০ পৰীক্ষা কৰা হৈছিল।
বৰ্তমানলৈ মুম্বাইত কোভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা হৈছে ১৩,৩৭২।বিগত ২৪ ঘণ্টাত ৭৮ জন লোকৰ মৃত্যু হৈছে।সোমবাৰলৈ মুম্বাইত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা হৈছে ৬,৫৮,৬২১ গৰাকী।
আনহাতে,এপ্ৰিল মাহত প্ৰতিটো দিনত ৬০,০০ ৰো অধিক কোভিড আক্ৰান্ত চিনাক্ত হোৱা মহাৰাষ্ট্ৰত সোমবাৰে কিছু কমকৈ ৪৮,৬২১ গৰাকী নতুন আক্ৰান্ত চিনাক্ত হৈছে।বিগত ২৪ ঘণ্টাত ৫৯,৫০০ ৰোগীক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।
- Log in to post comments
- 20 views