"এজেপি-ৰাইজৰ দলে বিজেপিক জয়ত সহায় কৰিলে,তেওঁলোকৰ ভূমিকা সন্দেহজনক"- জিতেন্দ্ৰ সিং

Pic

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ।অসমবাসীৰ ৰায় শ্ৰদ্ধা আৰু নতশিৰে গ্ৰহণ কৰি বিধানসভাত শক্তিশালী বিৰোধীৰ ভূমিকা মহাজোঁটে পালন কৰিব বুলি সংবাদমেল যোগে সিঙে কয় ।

দেওবাৰে ঘোষিত ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল সন্দৰ্ভত গুৱাহাটীত মহাজোঁঁটৰ সংবাদমেলত তেওঁ কয়-"জনতাই বিৰোধীৰ আসনত বহাৰ বাবে ৰায় দিছে।বিৰোধীৰ আসনত থাকি ৰাইজৰ বাবে শক্তিশালী স্থিতি গ্ৰহণ কৰিব।শাসক পক্ষ অসমবাসীৰ বিৰুদ্ধে গ'লে তীব্ৰ বিৰোধিতা কৰাতো হ'ব নৈতিক দায়িত্ব।"

অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ ভূমিকাত সন্দেহ থকা বুলি ব্যক্ত কৰি সিঙে কয়-"ৰাইজৰ দল,এজেপিয়ে বিজেপি প্ৰাৰ্থীক জয়ী কৰাত সহায় কৰিলে।মহাজোঁট জয়ী হ'ব লগা আসনত বিজেপি জয়ী হ'ল।"

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্ৰজোঁট পুনৰ শাসনলৈ অহাত শুভেচ্ছা জনায়।নিৰ্বাচনৰ প্ৰাকক্ষণত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰো দাবী জনায়।চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা,নিবনুৱা সংস্থাপন আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ দাবী কৰে সিঙে।

পৰাজয়ত ইভিএমৰ ওপৰতো সন্দেহ থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি সিঙে কয়-"মহাজোঁঁটৰ শক্তিশালী উচ্চস্তৰীয় কমিটী গঠন কৰি আগন্তক দিনত আগবঢ়া হ'ব।

মহাজোঁঁটৰ সংবাদমেলখনত বিপিএফ, এআইইউডিএফৰ বাহিৰে অন্য প্ৰায়কেইটা দলৰ প্ৰতিনিধি আছিল।

সংবাদমেলত মনজিৎ মহন্ত,ৰিপুন বৰা,গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন উপস্থিত থাকে।

Your Comments