অখিল গগৈয়ে বিধায়কৰূপে কি কৰিব!পঢ়ি জানক

Pic

কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা ১০৮নং শিৱসাগৰ সমষ্টিৰ জনতাই বিধানসভালৈ নির্বাচিত কৰাৰ বাবে কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে পত্ৰৰ জড়িয়তে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীক।

Pic

'ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত কৰাৰ বাবে প্ৰতিগৰাকী ভোটাৰক শ্ৰদ্ধা,কৃতজ্ঞতা জনাইছোঁ।শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰাৰ পিছতো মোক জয়ী কৰাই ৰাজ্যখনত এক আদৰ্শৰ ৰচনা কৰিলে। এয়া শিৱসাগৰ সমষ্টিবাসীৰ মহানতা।বন্দীশালত থকা অৱস্থাতে জয়ী কৰি সমগ্ৰ বিশ্বৰ ওচৰত অসমীয়া জাতিৰ সন্মান বৃদ্ধি কৰিলে'-পত্ৰত গগৈয়ে কয়।

Pic

বিৰোধীৰ সামগ্ৰিকভাৱে বিপৰ্যয়ৰ পিছতো মোক জয়ী কৰি অসমৰ সকলো দেশপ্ৰেমিক নাগৰিকক জয়ৰ সোৱাদ আৰু আনন্দ দিয়া বুলি উল্লেখ কৰি কয়- 'প্ৰলোভন,ধৰ্মীয় উন্মাদনা দলিয়াই শিৱসাগৰবাসীয়ে কেৱল আদৰ্শ,সংগ্রাম আৰু মানৱতাৰ বাবে মোক জয়ী কৰি প্ৰমাণ কৰিলে অসমীয়া জাতীয় মূল্যবোধক ত্যাগ নকৰে'।

Pic

বিৰোধী বিধায়কৰূপে চৰকাৰে কৰা প্ৰতিটো জনগণবিৰোধী,জাতিবিৰোধী আৰু অসমবিৰোধী কামৰ বিৰূদ্ধে থিয় দিয়া হ'ব বুলি উল্লেখ কৰি পত্ৰত গগৈয়ে কয়-'অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে বিধানসভাত ভূমিকা পালন কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।শিৱসাগৰবাসী আৰু অসমবাসীৰ ওচৰত মোৰ ৰাজহুৱা সংকল্প।'

অসমবাসী তথা শিৱসাগৰবাসীক প্ৰতিশ্ৰুতি দি কয়-'কোনোদিনে দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত নহওঁ।সততা,নিষ্ঠা আৰু একাগ্ৰতাৰে সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিম।শিৱসাগৰক লৈ আছে অলেখ সপোন আৰু পৰিকল্পনা আছে।শিৱসাগৰক নতুন ৰূপত গঢ়িব খোজোঁ।সমগ্ৰ বিশ্বৰ ওচৰত শিৱসাগৰ তথা অসমীয়া জাতিৰ ঐতিহ্য তুলি ধৰিবলৈ চেষ্টা কৰিম।বিধায়কৰূপে অসমৰ জাতীয় প্ৰশ্নত সবল ভূমিকা গ্ৰহণ কৰিব বুলিও পত্ৰত স্পষ্ট ৰূপত উল্লেখ কৰে।

Pic

'কালিৰ মোৰ জয় আৰম্ভণি মাত্ৰ।এখন নতুন সংগ্রামৰ আৰম্ভণি হ'ল।অসমত আপোচবিহীন ঐক্যবদ্ধ,প্ৰগতিশীল,সুস্থ জাতীয়তাবাদৰ প্ৰতিষ্ঠাৰ সূচনা মাত্ৰ।আমি আগবাঢ়ি যাম।এই ৰাজনীতি ৰূপান্তৰ কৰিম জনগণৰ ৰাজনীতিলৈ।'ৰাইজৰ দলে অসমৰ ৰাজনীতিত দিশ নিৰ্ণায়কৰ ভূমিকা পালন কৰিব বুলিও পত্ৰত গগৈয়ে উল্লেখ কৰে।

বিশেষ পত্ৰখনত তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিজন ব্যক্তিক ধন্যবাদ জনায়।গুৱাহাটীৰ পৰা যোৱা হাইদৰ হুছেইন,নেকিবুৰ জামানক বিশেষভাৱে কৃতজ্ঞতা জনাই নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক-নাৰ্ছ,আৰক্ষীৰ লগতে সুৰক্ষা কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰে গগৈয়ে।

Your Comments