একেৰাহে অষ্টমবাৰৰ বাবে বঙাইগাঁৱৰ পৰা বিজয়ী হৈ ইতিহাস ৰচিলে  অগপৰ ফণীভূষণ চৌধুৰীয়ে

Pic

*৮২,৮০০ টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ক ৩৮,১৬৭ টা ভোটৰ ব্যৱধানত কৰিলে পৰাস্ত*

#বঙাইগাঁৱৰ প্ৰতিবেদক,২ মে':

 আঞ্চলিকতাবাদী দূৰ্গ অক্ষুন্ন ৰাখি একেৰাহে অষ্টমবাৰৰ বাবে অসম বিধানসভাৰলৈ নিৰ্বাচিত হৈ ইতিহাস ৰচিলে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে।উল্লেখ্য যে সকলো জল্পনা- কল্পনাৰ অৱসান ঘটাই ২ মে'ত ঘোষিত বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ক ৩৮,১৬৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি একেৰাহে অষ্টমবাৰৰ বাবে বিজয়ী হৈ এক নজিৰ স্থাপন কৰে ৷ লগতে একেৰাহে একেটা সমষ্টিৰ  পৰা অষ্টমবাৰৰ বাবে বিজয়ী হৈ উৰুৱাই ৰাখিবলৈ সক্ষম হয় আঞ্চলিকতাবাদৰ পতাকা ৷

অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মুঠ ৮২,৮০০ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰে কেৱল ৪৪,৬৩৩ টা ভোট ৷ ফলত বঙাইগাঁও সমষ্টিবাসী যে আঞ্চলিক দলৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে আছে সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল ৷ এক কথাত ক'বলৈ গ'লে অগপ দলৰ প্ৰাৰ্থীগৰাকীৰ সৈতে আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে তীব্ৰ প্ৰতিদ্বন্দ্বিতাই আগবঢ়াবলৈ সক্ষম নহ'ল ৷ আনকি সমষ্টিটোৰ পৰা অগপ দলৰ প্ৰাৰ্থীগৰাকীৰ বাহিৰে আন যি আঠগৰাকী বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকে আটাইকেইজনে লাভ কৰা মুঠ ভোটতকৈও অগপৰ ফণীভূষণ চৌধুৰীয়ে বেছি ভোট লাভ কৰে ৷ বাকী আঠজন প্ৰাৰ্থীয়ে মুঠ ৬৮,৬৫১ টা ভোট লাভ কৰাৰ বিপৰীতে ফণীভূষণ চৌধুৰীয়ে অকলেই লাভ কৰে ৮২,৮০০ টা ভোট ৷ সেয়ে ৰাজ্যৰ আন সমষ্টিৰ সৈতে তুলনা নহয় বঙাইগাঁও সমষ্টিটো ৷ বিগত ১৯৮৫ চনৰ পৰাই সমষ্টিটোত জয়যাত্ৰ অব্যাহত আছে আঞ্চলিক দল অগপৰ ফণীভূষণ চৌধুৰীৰ ৷ এই বিজয়যাত্ৰা এইবাৰো কোনেও স্তব্ধ কৰিব নোৱাৰিলে ৷ বৰং এইবাৰ ফণীভূষণ চৌধুৰীয়ে যোৱাবাৰতকৈ অধিক ভোটহে লাভ কৰে ৷ লগতে বিজয়ৰ ব্যৱধানো অধিক ৷ অগপ প্ৰাৰ্থীগৰাকীয়ে বিগত বিধানসভা নিৰ্বাচনত মুঠ ৭৭,১৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল মুঠ ৪৫,৯২০ টা ভোট ৷ সেইবাৰ ফণীভূষণ চৌধুৰীয়ে ৩১,২১৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ ইপিনে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আকৌ যোৱাবাৰতকৈ এইবাৰ ১,২৪৭ টা ভোট কমহে লাভ কৰিছে ৷ উল্লেখ্য যে ৰাজ্যৰ আন সমষ্টিৰ লগতে ২মে'ত বঙাইগাঁও বিধানসভা সমষ্টিতো পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ অস্থায়ী ভোট গণনা কেন্দ্ৰত আৰম্ভ হয় গণনা কাৰ্য৷ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে বান্ধি দিয়া ক'ভিড প্ৰট'কল মানি বঙাইগাঁও জিলা প্ৰশাসনে শান্তিপূৰ্ণভাৱে সমাপন কৰে গণনা কাৰ্য ৷ মুঠ ১৩ টা ৰাউণ্ডৰ ভিতৰত অগপৰ ফণীভূষণ চৌধুৰীয়ে ১১ টা ৰাউণ্ডতে কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়তকৈ আগবাঢ়ি আছিল ৷ কেৱল দুটা ৰাউণ্ডতহে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী অগপ প্ৰাৰ্থীগৰাকীতকৈ অধিক ভোট লাভ কৰিছিল ৷

সমষ্টিটোৰ ভোট গণনাৰ ঘোষিত ফলাফল অনুসৰি অসম জাতীয় পৰিষদৰ দীপু চৌধুৰায়ে ১৩,৯৮৮ টা , এন পি পিৰ প্ৰভাত বৈষ্ণৱে ১,৬৪৬ টা , পি জে পিৰ শান্তনু  মুখাৰ্জীয়ে ২২৬৬ টা , ভি পি আই দলৰ   সবেন্দ্ৰ বসুমতাৰীয়ে ৯৫২ টা , ভাৰতীয় গণ পৰিষদৰ সুজিৎ কুমাৰ ৰয়ে ২,১৮৪ টা , নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে কৈলাশ দাসে ১,৮১০ টা আৰু গৌতম দত্তই ১,১৭২ টা ভোট লাভ কৰে ৷ সেইদৰে ন'টা ভোটৰ সংখ্যা ২,১৭৯ টা ৷ অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদৰ পৰা সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দীপু চৌধুৰীয়েও বিশেষ ভোট লাভ কৰিবলৈ সক্ষম নহ'ল ৷ দীপু চৌধুৰীয়ে অগপৰ প্ৰাৰ্থীগৰাকীক শলঠেকত পেলাব বুলি আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ভাবিছিল যদিও সেয়া হৈ নুঠিল ৷ বৰং দীপু তৌধুৰীয়ে অগপৰ সলনি কংগ্ৰেছকহে ক্ষতি কৰিলে ৷ ইপিনে, ফলাফল ঘোষণা হোৱাৰ পিছত অগপ আৰু বিজেপি দলৰ নেতাকৰ্মীসকলৰ মনত আনন্দৰ সলনি কংগ্ৰেছ তথা আন দলৰ নেতা-কৰ্মীসকলৰ মনত আছিল হতাশাৰ ছাঁ ৷ সততে পৰিৱৰ্তনৰ কথা কৈ অহা কংগ্ৰেছ আৰু অজাপৰ প্ৰাৰ্থীদ্বয়ক  বঙাইগাঁওবাসীয়ে প্ৰত্যাখান কৰে ৷ ফলত দলীয় কাৰ্যালয় হৈ পৰে নিমাওমাও ৷ আনহাতে, নিৰ্বাচন আয়োগে ক'ৰ'নাৰ বাবে কোনো বিজয় সমদল আদি উলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাত সেয়া মানি চলে বিজয়ী দলে ৷

ইপিনে,অষ্টমবাৰৰ বাবে বিজয়ী হৈ অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অষ্টমবাৰৰ বাবে যিটো জয় এই জয়টো মোৰ নিজৰ নহয় ,এই জয়টো বঙাইগাঁওবাসী ৰাইজৰ জয় ৷ বঙাইগাঁওবাসী ৰাইজে পুনৰবাৰ অষ্টমবাৰৰ বাবে আমাক অসম গণ পৰিষদ দলক ইয়াত সেৱা কৰিবৰ কাৰণে যি সুবিধা প্ৰদান কৰিলে, তাৰ কাৰণে মই এই মুহূৰ্তত বঙাইগাঁওবাসী ৰাইজক আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু লগতে ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ৷ আনহাতে, যোৱাবাৰতকৈ অগপ দলে এইবাৰ কম আসন পোৱা সন্দৰ্ভত অগপ নেতাগৰাকীয়ে কয় যে অভয়াপুৰী উত্তৰ,অভয়াপুৰী দক্ষিণ,গোৱালপাৰা পূব,গোৱালপাৰা পশ্চিম,মানকাচৰ,চেঙা,বৰপেটা সমষ্টিবিলাকৰ যদি জনগাঁথনিটো চায় তেতিয়াহলে নিশ্চতভাৱে এই সমষ্টিসমূহ আমাৰ সপক্ষে নাই৷ আমি এই সমষ্টিসমূহত যদিওৱা নিৰ্বাচন খেলিছোঁঁ সেয়া এটা অনিশ্চয়তাত নিৰ্বাচন খেলিছো ৷ আমাৰ পূৰ্বতে চৈধ্যখন আসন আছিল ৷ নাহৰকটীয়া ,লক্ষীমপুৰ, বঢ়মপুৰ , কমলপুৰ আমাৰ আছিল ৷ এই সমষ্টিবিলাক অগপ আৰু বিজেপিৰ সপক্ষে থকা সমষ্টি ৷ সেই সমষ্টিবিলাক যিহেতু আমাৰ হাতত নাথাকিল আৰু বিজেপিৰ হাতত থাকিল ,সেয়ে নিশ্চয়কৈ আমাৰ অগপ দলৰ আসনৰ সংখ্যাটো কমাতো স্বাভাৱিক ৷ সেয়ে এনে অৱস্থা হৈছে ৷ তদুপৰি, আমি ধৰ্মীয় সংখ্যালঘুসকলৰ যেনেধৰণে সমৰ্থন লাভ কৰিম বুলি ভাৱিছিলো তেনে ধৰণেৰে সমৰ্থন লাভ কৰিবলৈ সক্ষম ন'হলো ৷ বঙাইগাঁও সমষ্টিৰে ফলাফল বিশ্লেষণ কৰিলে দেখিব যে যিবিলাক ভোট কেন্দ্ৰত ধৰ্মীয় সংখ্যালঘু লোকৰ সংখ্যা অধিক তাত শতকৰা ৯০ শতাংশ ভোট কংগ্ৰেছ দলে লাভ কৰিছে ৷ যোৱাবাৰ আমি দুইৰ পৰা আঢ়ৈ হাজাৰহে ধৰ্মীয় সংখ্যালঘু লোকৰ ভোট লাভ কৰিছিলো।এইবাৰ ছয় - সাত হাজাৰ ভোট লাভ কৰিম বুলি আশা কৰিছিলো যদিও কাৰ্যত সেয়া হৈ নুঠিল ৷বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বাবে তেনে হ'ল বুলি কোৱাতো উচিত নহ'ব বুলি কৈ ধৰ্মীয় সংখ্যালঘু লোকসকলে আমাক বিশ্বাসত ল'ব পৰা নাই বুলি কয় ৷ বঙাইগাঁও সমষ্টিত মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে যথেষ্ট কাম কৰিছিলো যদিও ভোট কিন্তু নাপালো ৷ সেইদৰে ক'ভিড পৰিস্থিতি সন্দৰ্ভত কয় যে যিহেতু চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে, সেয়ে যিখিনি পদক্ষেপ ল'ব লাগে,কাইলৈৰ পৰাই সেইখিনি খৰটকীয়া হ'ব ৷

আনহাতে, দলৰ পৰা ওলাই গৈ অজাপৰ পৰা নিৰ্বাচন খেলা দীপু চৌধুৰীৰ বিষয়ে কয় যে দুই এজন নেতা দলৰ পৰা ওলাই গৈ নিৰ্বাচন খেলি দুই-চাৰি হাজাৰ ভোট পাব পাৰে ৷ কিন্তু যিখিনি ভোট লাভ কৰে বা কৰিছে,তাৰে কেৱল একৰ পৰা দুই হাজাৰ ভোটহে অগপৰ সমৰ্থকৰ ভোট ৷ বাকী কংগ্ৰেছৰ ভোট।আচলতে তেওঁলোকে ফণীভূষণ চৌধুৰীক নহয়বৰং বঙাইগাঁওবাসীকহে হৰুৱাব নোৱাৰে বুলিও কয় ৷

ইপিনে, চৰকাৰত অগপৰ কেইজনে মন্ত্ৰিত্ব লাভ কৰিব,সেয়া দলীয় মঞ্চত আলোচনা কৰিহে ক'ব পাৰিব বুলি কয়।

Your Comments