শিৱসাগৰবাসীয়ে ইতিহাস ৰচি কাৰাগাৰৰ পৰা বিধানসভালৈ নির্বাচিত কৰিলে অখিল গগৈক

Akhil Gogoi

শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ জয়লাভ।বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীক পৰাস্ত কৰি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে সংগ্ৰামী নেতাগৰাকী।অখিলে ৯০০০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীক।

উল্লেখ যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে সংগ্রাম কৰি বিগত ১৮মাহ ধৰি বন্দী হৈ আছে নেতাগৰাকী।মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 'নিয়া'ৰ গোচৰত কাৰাবন্দী হৈ থকা নেতাগৰাকীয়ে কাৰাগাৰৰ পৰাই অৱতীৰ্ণ হৈছিল নির্বাচনত।

ঐতিহাসিক শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা নেতাগৰাকীক জয়ী কৰি অনাৰ বাবে বৃদ্ধা মাতৃ প্ৰিয়দা গগৈয়ে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছিল।৮৫ ঊৰ্ধ বৃদ্ধা মাতৃয়ে কাৰাগাৰৰ পৰা পুত্ৰক মুক্ত কৰা স্বাৰ্থত জয়ী কৰোৱাৰ আহ্বান জনাইছিল।

Your Comments