মাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ হাঁহাকাৰ, অচিন চাপৰিত চপাব লগা হয় ফেৰী

Majuli ferry

শণিবাৰে আবেলিৰপৰা হোৱা প্ৰচণ্ড ধুমুহাই বিধস্ত কৰিছে মাজুলী। ধুমুহাৰ লগতে হোৱা বিজুলী ঢেৰেকণী, বৃষ্টিপাতে নিমাতী কমলাবাৰীৰ অন্তিম খন ফেৰীৰ যাত্ৰীৰ মাজত হাঁহাকাৰ সৃষ্টি কৰে।

ধুমুহাৰ বাবে ফেৰীত থকা বাইক সমূহ বাগৰি পৰে। ফলত যাত্ৰীসকলৰ মাজত হুলস্থূল পৰিৱেশৰ সৃষ্টি হয়। ফেৰী চালকে উপায়হীন হৈ অজ্ঞাত চাপৰিত চপাই দিব লগা হয় ফেৰীখন । উক্ত ফেৰীখনত মহিলা সহ ২৫ জন যাত্ৰী আছিল। নামি অহা আন্ধাৰেও আতংকিত কৰি তোলে যাত্ৰীসকলক ৷ প্ৰাপ্ত খবৰ অনুসৰি, বৰ্তমান ফেৰীখনে যাত্ৰীসকলক সুকলমে পাৰ পোৱালেহি ৷

ইফালে ফেৰীঘাটৰ ৩০ খনকৈ দোকান ধুমুহাই বিধ্বস্ত কৰে ৷ ধুমুহাৰ ফলত হোৱা খহনীয়াত জাহ যায় বহু কেইখন দোকান। আনহাতে, ঘাটত বান্ধি থোৱা দুখন ফেৰী উটি গৈছে ধুমুহাত।

Your Comments