কামৰূপ মহানগৰত জাৰি কৰা হৈছে ১৪৪ধাৰা। জিলা আৰক্ষী আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা। ক’ভিড পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে এই নিৰ্দেশনা।
উল্লেখ্য যে, ১৪৪ধাৰা চলি থকাৰ সময়ত উলিয়াব নোৱাৰিব শোভাযাত্ৰা, বিজয় উৎসৱৰ ৰেলী। ইয়াৰোপৰি ৫জনতকৈ অধিক ব্যক্তি একেলগে সমবেত হ’ব নোৱাৰিব।
উক্ত নিৰ্দেশনা অনুসৰি, ফটকা-আটছবাজী এই সময়চোৱাত ফুটাব নোৱাৰিব।
গুৰুত্বপূৰ্ণ কথা যে, ২মে’ত ভোটগণনা স্থানত নিষিদ্ধ কৰা হৈছে জন সমাগম।
- Log in to post comments
- 18 views