ভূমিকম্পৰ পাছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিলে হেল্পলাইন নম্বৰ, পঢ়ি জানি লওঁক

Assam State Digester Management

বুধবাৰে পুৱাই ৰাজ্যত ভূমিকম্পৰ প্ৰৱল জোকাৰণিৰ পিছতে তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ।অসমবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিলে তিনিটাকৈ হেল্পলাইন নম্বৰ।

জৰুৰীকালীন সেৱা, বিশেষকৈ আজি পুৱাৰ ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত টল-ফ্ৰী নম্বৰ কেইটাত ফোন কৰি জনাব পাৰিব।

Notice

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ টল-ফ্ৰী নম্বৰ দুটা হৈছে- ১০৭০/১০৭৯।একেদৰে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ বাবে ১০৭৭ নম্বৰ মুকলি কৰিছে।

ইয়াৰ উপৰিও প্ৰকাশ কৰিছে এটা ই-মেইল আইডি।ৰাজ্যবাসীৰ বাবে মুকলি কৰা মেইল আইডিটো হৈছে seoc.asdma@assam.gov.in

উল্লেখ্য বুধবাৰে পুৱা অহা প্ৰৱল ভূমিকম্পত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি হোৱা খবৰ ইতিমধ্যে আহি আছে।ভূমিকম্পৰ উৎপত্তি স্থল শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতিৰ পৰিমাণ সৰ্বাধিক বুলি জানিব পৰা গৈছে।

Your Comments