৬.৭ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এটা ভূমিকম্পই বুধবাৰে কঁপাই গ'ল অসম তথা উত্তৰ-পূৰ্বাঞ্চল।পুৱা ৭-৫২ মিনিটত অনুভূত হোৱা ভূমিকম্পটোৰ সময়ত ৰাজ্যবাসীৰ মাজত সৃষ্টি হয় তীব্র আতংকৰ।ৰাইজে প্ৰাণ ৰক্ষা কৰিবলৈ ঘৰৰ পৰা ওলাই আহে।প্ৰথম ভূমিকম্পটোৰ পিছতে ৮.০২ মিনিটত আন এটা ভূমিকম্প অনুভূত হোৱাত অসমবাসীৰ মাজত আতংক দুগুণে বৃদ্ধি পায়।ভূমিকম্পটোৰ অভিকেন্দ্ৰ উত্তৰ অসমৰ ঢেকীয়াজুলিৰ ওচৰত বুলি ঠাৱৰ কৰা হৈছে।
ভূমিকম্পৰ বাবে ৰাজ্যৰ বিভিন্ন এলেকাত ঘৰ,অট্টালিকা আদিৰ ক্ষতি হৈছে,দেৱালত ফাঁঁট মেলিছে।বিভিন্ন ঠাইৰ পথতো ফাঁঁট মেলিছে।গুৱাহাটীৰ তাজ ভিভান্তা হোটেলৰ ক্ষতি হৈছে।
- Log in to post comments
- 29 views