শেহতীয়া নৈশ সান্ধ্য আইনৰ মাজত কি কি খোলা থাকিব, কোনে কোনে যাত্ৰা কৰিব পাৰিব আৰু কি কি সেৱা চলি থাকিব জানো আহক

Night curfew

ক'ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নৈশ সান্ধ্য আইন ঘোষণা কৰিছে যদিও কিছুমান সেৱা চলি থকাতো জৰুৰী। কি কি সেৱা চলি থাকিব জানো আহক। 

১. চৰকাৰৰ জৰুৰীকালীন সেৱা আৰু তাৰ সৈতে জড়িত কৰ্মচাৰীসকলে চলাচল কৰি থাকিব পাৰিব। আৰক্ষী, হোম গাৰ্ড, অগ্নি নিৰ্বাপক, পানী, বিদ্যুৎ, পৌৰ নিগম আদিৰ সেৱা তথা কৰ্মচাৰীসকলৰ চলাচল চলি থাকিব। অৱশ্যে সকলোৱে লগত পৰিচয় পত্ৰ ৰাখিব লাগিব।

২. পৰিচয় পত্ৰৰ সৈতে ন্যায়িক বিষয়া আৰু ক'ৰ্টৰ বিষয়াসকলে চলাচল কৰিব পাৰিব।

৩. ব্যক্তিগত খণ্ডৰ মেডিকেল সেৱাৰ ডাক্তৰ, নাৰ্ছ, কৰ্মচাৰী, ফাৰ্মাচীৰ কৰ্মচাৰীসকলক ৰেহাই দিয়া হ’ব।

Night curfew

৪. গৰ্ভৱতী মহিলা আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই থাকিব।

৫. টিকট দেখুৱাই বিমান বন্দৰ, ৰে'ল আৰু আইএছবিটি ৰ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

৬. পৰিচয় পত্ৰ লগত ৰাখি সাংবাদিকসকলে আহযাহ কৰিব পাৰিব।

৭. খাদ্য বস্তু কঢ়িওৱা বাহন চলাচল কৰি থাকিব পাৰিব।

৮. বেংক, ইঞ্চুৰেঞ্চ, এটিএম সেৱাৰ সৈতে জড়িত লোকসকল যাব পাৰিব।

৯. ইণ্টাৰনেট, কেবোল, টেলিকমিউনিকেচন, আইটি ৰ সেৱা চলি থাকিব।

১০. ই-কমাৰ্চৰ জৰিয়তে খাদ্য, ঔষধ, চিকিৎসাৰ সামগ্ৰীৰ ডেলিভাৰী চলি থাকিব পাৰিব ৷

১১. পেট্ৰ'ল পাম্প, গেছ চিলিণ্ডাৰ, পেট্ৰ'লিয়াম গেছৰ সেৱা চলি থাকিব।

১২. উৎপাদন ক্ষেত্ৰ, শীতলীকৰণ ভঁৰাল, প্ৰাইভেট ছিকিউৰিটী সেৱাসমূহ চলি থাকিব।

১৩. ক’ভিড ভেক্‌চিন ল'বলৈ সংশ্লিষ্ট ব্যক্তিসকল যাব পাৰিব।

১৪. খাদ্যবস্তু, ফল-মূল, পাচলি, মাছ-মাংস, গাখীৰৰ ব্যৱসায়ৰ সৈতে জড়িতসকলে চলাচল কৰি থাকিব পাৰিব।

Your Comments