ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত চৰকাৰৰ অন্য এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি।শিক্ষা বিভাগলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।যোৱা ১০টা দিনত ৩০০তকৈ অধিক ক'ৰ'না আক্রান্তৰ সংখ্যা অতিক্ৰম কৰা ৰাজ্যৰ প্ৰতিখন জিলাত হোষ্টেল,শিক্ষানুষ্ঠান,কোচিং চেণ্টাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব নিয়ম।
উল্লেখ যে আগন্তক ১৫দিনলৈ বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।জিলা উপায়ুক্ত,জিলা দুৰ্যোগ প্ৰশমন বিভাগসমূহে উক্ত জিলাসমূহত ঘোষণা কৰিব বন্ধ।
বন্ধৰ সময়ছোৱাত অনলাইল পদ্ধতিৰে পাঠদান চলাই নিয়াৰ পৰামৰ্শ দিছে বিভাগে।
- Log in to post comments
- 7 views