ক'ৰ'না আতংকৰ মাজতে ৰাজ্যত হোৱা অস্বাভাৱিক মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীৰে গুৱাহাটীত অসম জাতীয় পৰিষদ প্ৰতিবাদ।যোগান বিভাগৰ শ্মশান যাত্ৰাৰ প্ৰতিকৃতিৰে সাব্যস্ত কৰে প্ৰতিবাদ।কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত মঙলবাৰে অসম জাতীয় পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৰা হয় এই প্ৰতিবাদ।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চুড়ান্তভাৱে যোগান বিভাগ ব্যৰ্থ হৈছে।মহামাৰীৰ আতংকত ৰাইজ চিন্তিত হৈ থকাৰ সময়ত কুম্ভকৰ্ণ নিদ্রাত আছে ৰাজ্যৰ যোগান বিভাগ।যদি যোগান বিভাগৰ চৰম আছে তেন্তে বজাৰলৈ গৈ মূল্যবৃদ্ধি প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক।প্ৰতিবাদত অংশ গ্ৰহণ কৰি এজেপিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ মহানগৰ সমিতিৰ সম্পাদক মনোজ কলিতাই এইদৰে কয়।
যোগান বিভাগ মৰি গ'ল,ফণীভূষণ চৌধুৰী মুর্দাবাদ আদি শ্লোগানেৰে যোগান বিভাগৰ প্ৰতীকী শৱদেহ লৈ সাব্যস্ত কৰা হয় প্ৰতিবাদ।
কভিড প্ৰট'কল পালন কৰি সাব্যস্ত কৰা প্ৰতিবাদত উপস্থিত থাকে প্ৰণৱ ডেকা (এজেপিৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক),জিন্টু ডেকা(জাতীয় যুৱ শক্তিৰ মহানগৰ সমিতিৰ সম্পাদক)।
- Log in to post comments
- 9 views