কামৰূপ মহানগৰ জিলাত ক'ৰ'নাৰ বৰ্ধিত সংক্ৰমণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল।জাননীৰ জড়িয়তে এই কথা ঘোষণা কৰিছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উল্লেখ যে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনে বি.এ লিবাৰেল আৰ্টছকে ধৰি স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ সোমবাৰৰ পৰা পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।বিশেষ জাননীখনত কয় যে পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হ'লে বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব আৰু যথা সময়ত জাননী দিয়া হ'ব।বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে এই নিৰ্দেশ।
গুৰুত্বপূৰ্ণ যে ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাৰ পিছতো যোৱা ২৩ এপ্ৰিলৰ পৰা বিশ্ববিদ্যালয়খনত আৰম্ভ হৈছিল স্নাতক প্ৰথম ষান্মাষিকৰ পৰীক্ষা।
- Log in to post comments
- 11 views