লাকুৱাৰ তৈলখাদৰ পৰা অ'এনজিচি বিষয়া অপহৰণত জড়িত আছিল অসম আৰক্ষীৰ এগৰাকী জোৱান।কনিষ্টবল বসন্ত বুঢ়াগোহাঁই সমগ্ৰ অপহৰণ কাণ্ডৰ মূল খলনায়ক হোৱাৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ যে গ্ৰেপ্তাৰ হোৱা কনিষ্টবলগৰাকী অসম আৰক্ষীৰ ২৫নং বেটেলিয়নৰ।কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ নজৰত আছিল কনিষ্টবলগৰাকী।চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জোৱানগৰাকীক।তেওঁঁক শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।ইফালে ঘটনাৰে অন্য দুগৰাকী আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।তদন্তৰ খাতিৰত আৰক্ষী দুগৰাকীৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
তাৎপৰ্যপূৰ্ণ যে যোৱা ২০ এপ্ৰিলত লাকুৱাৰ ৮নং তৈলখাদৰ পৰা নিশা অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দলে তিনিজন অ'এনজিচি বিষয়াক অপহৰণ কৰিছিল।দুগৰাকীক নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানো কোনো সম্ভেদ নাই তৃতীয়গৰাকী অপহৃত ৰিতুল শইকীয়াৰ।তাৰ মাজতে অপহৰণৰ ঘটনাত আৰক্ষীৰ লোক জড়িত থকা কাৰ্যই চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক।
- Log in to post comments
- 48 views