#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৫ এপ্ৰিল:
"ৰাজ্যত শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব ২ মে'ৰ পিছত। অসমত বৰ্তমান অক্সিজেনৰ অভাৱ নাই,সম্পূৰ্ণভাৱে মজুত আছে অক্সিজেন।অসমত একোৰে অভাৱ হোৱা নাই।ভূটানতো অক্সিজেনৰ প্লান্ট আৰম্ভ কৰা হৈছে৷"এই মন্তব্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।আজি নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনৰ ঘৰলৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ খবৰ ল'বলৈ আহি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য মন্ত্ৰীগৰাকীৰ।
প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰা বুলি মন্তব্য কৰি তেওঁৰ লগত ১৯৯১ চনৰ পৰা থকা সান্নিধ্যৰ কথাও সুঁঁৱৰে ড: শৰ্মাই।
- Log in to post comments
- 29 views