অপহৃত তিনিগৰাকী অ'এনজিচি বিষয়াক মুকলি কৰি দিছোঁ-আলফা(স্বা)

Pic

অ'এনজিচিৰ তিনিগৰাকী অপহৃত বিষয়া সন্দৰ্ভত আলফা(স্বা)ৰ বিবৃতি।তিনি অপহৃতৰ দুগৰাকীক উদ্ধাৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ নিষিদ্ধ সংগঠনটোৱে প্ৰেৰণ কৰিছে বিবৃতি।

সশস্ত্ৰ সংগঠনটোৱে তিনিওগৰাকী অপহৃতক শুকুৰবাৰে নিশা মুকলি কৰি দিয়া বুলি উল্লেখ কৰিছে।বিষয়াকেইগৰাকীৰ জীৱনৰ নিৰাপত্তা স্বাৰ্থত নাগালেণ্ডৰ মন জিলাৰ ট'কক চিংখু নামৰ গাঁৱত মুকলি কৰি আলফা আৰু এনএছএচিএনৰ দলটো গন্তব্যস্থানলৈ অগ্ৰসৰ হোৱা বুলি বিবৃতিটোত উল্লেখ কৰিছে।

উল্লেখ যে শুকুৰবাৰে নিশা ভাৰতীয় সেনা, অসম ৰাইফলছ সৈতে নিশা ১০বজাৰ পৰা ২.৩০বজালৈ আলফা-এনএছচিএনৰ একাধিকবাৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।যাৰ বাবে বিষয়াকেইজনৰ জীৱনৰ নিৰাপত্তা স্বাৰ্থত মুকলি কৰি দিয়া হয় বুলি উল্লেখ কৰিছে বিবৃতিটোত।

বিষয়া কেইজনক মুকলি কৰি দিয়াৰ সন্দৰ্ভত সন্মিলিত বাহিনী অৱগত হোৱাৰ পিছতো আলফা (স্বা)ক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে কেইমুহূৰ্তমানৰ পিছতে গুলীবৰ্ষণ কৰিবলৈ ধৰা বুলি লগতে উল্লেখ কৰিছে।

আনহাতে তৃতীয়গৰাকী বিষয়া ৰিতুল শইকীয়াৰ বর্তমানেও কোনো সন্ধান ভাৰতীয় সেনাই প্ৰকাশ নকৰা সন্দৰ্ভত সংগঠনটোৱে উল্লেখ কৰে-'ভাৰতীয় সেনা গুলীত হয়তো ৰিতুল শইকীয়া মৃত্যু মুখত পৰিছে অথবা সেনা-আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে।'

অসমবাসীক উদ্দেশ্য কৰি সংগঠনটোৱে কয়-'অনাকাংক্ষিত ঘটনাৰ বাবে আলফা(স্বা), এনএছচিএন দায়ী নহয়।'সমগ্ৰ ঘটনাৰ বাবে দায়ী অ'এনজিচি কৰ্তৃপক্ষ।অনাগত দিনত অ'এনজিচি কর্তৃপক্ষই ভয়ংকৰ পৰিমাণ ভুগিবলৈ সাজু থাকক বুলিও সকীয়নী প্ৰদান কৰিছে সংগঠনটোৱে।

Your Comments