"ক'ভিড আক্রান্ত প্ৰতিগৰাকী ৰোগীৰ খাদ্যত দৈনিক ৩০০টকা খৰচ কৰিব চৰকাৰে-ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

"অসমত ভেকচিনৰ নাটনি নহ'বৰ বাবে ভাৰত চৰকাৰৰ লগত  যোগাযোগ চলি আছে।২ লাখ ৬ হাজাৰ ভেকচিন শুকুৰবাৰলৈকে আছিল।শনিবাৰে পুনৰ দুই লাখ  ভেকচিন ভাৰত চৰকাৰৰ পৰা লাভ কৰিছোঁ"-গুৱাহাটী মেডিকেল কলেজ হাস্পতাত এই কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।২৭- ২৮ এপ্ৰিলৰ ভিতৰত আৰু ৩ লাখ ভেকচিন ভাৰত চৰকাৰ পৰা লাভ কৰিব বুলিও আশা প্ৰকাশ কৰি তেওঁ কয়।যে অসমত ২মে' পৰ্যন্ত ভেকচিনৰ নাটনি নহয়।

অসমত ৮টা মিনি অক্সিজেন প্লাণ্ট ইতিমধ্যে চলি আছে।তাৰ লগত আৰু ১০-১৫টা অক্সিজেন প্লান্ট নিৰ্মাণ কৰাৰ  বাবে পিডব্লিউডি বিভাগৰ সৈতে আলোচনা কৰা হৈছে।

"সৰুসজাই ক'ভিড কেয়াৰ চেণ্টাৰ হৈ যোৱাৰ লগে লগে ৰোগীসকলে যাতে ভালকৈ খোৱা- বোৱা কৰিব পাৰে,তাৰ বাবে প্ৰতিগৰাকী ৰোগীৰ বিপৰীতে ৩০০টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ।জিলা উপায়ুক্তসকলে ৩০০টকাৰে খোৱা-বোৱাৰ ব্যৱস্থা কৰিব লাগিব।প্ৰতিটো ক'ভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব।প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলে কিনিব পাৰিব"-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

"হোম কোৱাৰেণ্টাইন গাঁৱত কৰাৰ বাবে গাওঁবুঢ়া, পঞ্চায়ত, যুৱ সংঘক লৈ  কমিটী কৰা হ'ব।কমিটীখনে গাঁৱে-গাঁৱে হোম কোৱাৰেণ্টাইন প্ৰয়োগ কৰিব।আগন্তক তিনিদিনৰ ভিতৰত জিলা উপায়ুক্তই প্ৰতিখন গাঁও সামৰি কমিটীখন গঠন কৰিব।উক্ত কমিটীখনে গাঁওসমূহত ৭ দিনৰ কোৱাৰেণ্টাইন প্ৰয়োগ কৰিব"-শৰ্মাই লগতে কয়।

Your Comments