ক'ৰ’না আতংকৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে কার্ড লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপাচাৰ্যৰ কক্ষৰ সন্মুখত ছাত্ৰ-ছাত্ৰী সকলে সামাজিক দূৰত্ব মানি চলি অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী, বৰ্তমান পৰিস্থিতিত অফ্লাইন পৰীক্ষাত অৱৰ্তীন হোৱাৰ পৰিৱেশ নাই। ছাত্ৰ -ছাত্ৰীৰ জীৱনতকৈ পৰীক্ষা ডাঙৰ হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ কথা চিন্তা কৰি বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা বাতিল কৰক অন্যথা অন্লাইন পৰীক্ষাৰ ব্যৱস্থা কৰক।
উল্লেখ্য যে, অহা ২৩ এপ্ৰিলৰ পৰা বিশ্ববিদ্যালয়খনত স্নাতক প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা সমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। ক’ভিড প্ৰ’ট’কল মানি ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিব লাগিব বুলি ইতিমধ্যে জাননী যোগে ঘোষণা কৰিছে কৰ্তৃপক্ষই।
ছাত্ৰ-ছাত্ৰীসকলৰ দাবী যে, বিশ্ববিদ্যালয়খনৰ বহুকেইজন ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ক'ভিডত আক্রান্ত হৈছে । তাৰ পিছতো বাকীসকল ছাত্ৰ-ছাত্ৰী যে ক'ৰ’নাত আক্ৰান্ত নহ’ব তাৰ কোনে নিশ্চয়তা প্ৰদান কৰিব?
ইফালে পঞ্জীয়কৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত পুনৰ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰতো ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
- Log in to post comments
- 8 views