এফালে ক’ৰ’না আতংকই পুনৰ জা কৰি উঠিছে, আনফালে আলফাই আকৌ সৃষ্টি কৰিছে সন্ত্ৰাস ৷ বুধবাৰে পুৱতি নিশা আলফা স্বাধীনৰ অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়ে অ’এনজিচিৰ অসম সম্পদৰ লাকুৱা তৈল ক্ষেত্ৰৰ পৰা তিনি কৰ্মচাৰীক । জানিব পৰা অনুসৰি, কৰ্মচাৰী কেইজনৰ নাম- শিৱসাগৰৰ মোহিনী মোহন গগৈ, যোৰহাটৰ ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়া । Work over Rig ROM-100-III Near GGS -8 ত কৰ্মচাৰী কেইগৰাকীয়ে কাম কৰি আছিল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অ’এনজিচিৰ ভিতৰচৰাত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷
ঘটনাৰ বিৱৰণ অনুসৰি, অ’এনজিচিৰ এম্বুলেন্সত এম্বুলেন্সৰ চালক আৰু সহ চালকৰ সৈতে তিনিওজন কৰ্মচাৰীক অপহৰণ কৰি লৈ যায় আলফাৰ দলটোৱে ৷ যদিও পিছত চালক আৰু সহ-চালক দুইজনকে এৰি দিয়ে ৷ আনহাতে, কৰ্মচাৰী তিনিজনক অজ্ঞাত স্থানলৈ লৈ যায় ৷
ঘটনাৰ পিছেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীয়ে অপহৃত তিনিও জন কৰ্মচাৰীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 32 views