'ছেবা'ৰ বিৰুদ্ধে খৰ্গহস্ত আছু:অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰক

AASU

'ছেবা'ৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা।অসমীয়া বিষয়টোক অৱহেলা কৰি ছেবা কৰ্তৃপক্ষই জাৰি কৰা জাননীক হঠকাৰী আৰু ষড়যন্ত্ৰমূলক আখ্যা আছুৰ।উল্লেখ যে যোৱা ১২ এপ্ৰিলত ছেবাই অসমীয়া বিষয়ৰ অধ্যয়নক লৈ নতুন নীতি ঘোষণাৰে প্ৰকাশ কৰিছিল এখন জাননী।ঘোষণা কৰা মতে 'অসমীয়া বিষয়টো ছাত্ৰ-ছাত্ৰীয়ে মুখ্য বিষয় হিচাপে নলৈ ঐচ্ছিক বিষয় হিচাপে ল'ব পাৰিব আৰু ঐচ্ছিক বা মুখ্য কোনো এটা শিতানতে যদি ল'ব নোখোজে,তেতিয়া নম্বৰ তালিকাত যোগ নোহোৱা এটা বিষয় হিচাপে পঢ়িব লাগিব।'

ৰঙালী বিহুৰ আনন্দৰ মাজতে ছেবাৰ জাননীৰ বিৰুদ্ধে আছুৱে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,সভাপতি নাথে কয়-'ছেবাৰ এই জাননী অসমীয়া ভাষা,অসম বিৰোধী।প্ৰায় এটা দশক পূৰ্বে ছেবাৰ কৰ্তৃপক্ষই লোৱা এক অসমীয়া ভাষাবিৰোধী সিদ্ধান্তৰ আছুৱে বিৰোধিতা  কৰিছিল।পৰৱৰ্তী সময়ত আছু,বিশিষ্ট শিক্ষাবিদৰে ছেবা কৰ্তৃপক্ষৰ আলোচনা মৰ্মে নীতিগত সিদ্ধান্ত লোৱা হৈছিল।সেই মৰ্মে ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া বিষয় উৰ্ত্তীণ নোহোৱাকৈ পৰীক্ষাত কৃতকাৰ্য হ'ব নোৱাৰিব।'ছেবাৰ পূৰ্ব এই সিদ্ধান্ত বাহাল ৰখাৰ দাবী আছুৰ।

আছু নেতৃত্বৰ স্পষ্ট কথা-'ছেবাৰ শীর্ষতম কৰ্তৃপক্ষত অসম বিৰোধী চক্ৰই ক্ৰিয়া কৰি আছে।অন্যথা এনে অসমবিৰোধী সিদ্ধান্ত নললেহেতেন।'এনে অসম বিৰোধী সিদ্ধান্ত বাতিল কৰিব লাগে বুলিও দাবী জনায় ছাত্ৰ সংগঠনটোৱে।

Your Comments