ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰস্থ মহাজোঁট,কিন্তু কিয় পঢ়ক?

Pic

বহু প্ৰত্যাশিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে মাজতে ভালেকেইটা দিন বাকী।তিনিটা পৰ্যায়ত ১২৬টা সমষ্টিৰ প্ৰাৰ্থী ভাগ্য ইতিমধ্যে বন্দী ইভিএমত।
কিন্তু,মঙলবাৰে গুৱাহাটীৰ দিছপুৰস্থিত  নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ মহাজোঁটৰ নেতৃত্বৰ লগতে ১০টা সমষ্টিৰ প্ৰাৰ্থীসকলে নির্বাচন আয়োগক ৬দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে।

দাবীসমূহ হৈছে-

নিখুঁত ভোটগণনা অনুষ্ঠিত কৰাৰ বাবে ভোটগণনা টেবুলত নিয়োগ কৰিব লগা বিষয়াৰ তালিকা প্ৰদান কৰিব লাগে।

উপায়ুক্ত,এছডি'অ আৰু ৰিটাৰ্ণিং বিষয়াক ষ্ট্ৰং ৰূমৰ পৰা ইভিএম ভোটগণনা কক্ষলৈ উলিয়াই অনাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ নিৰ্দেশ দিব লাগে।

ভোটগণনা আৰম্ভ হোৱাৰ পৰা প্ৰতিখন টেবুলত ভিডিঅ' ৰেকৰ্ড হ'ব লাগে।

ষ্ট্ৰং ৰূম খোলা-ইভিএম নিয়াৰ সময়ত প্ৰতিজন প্ৰাৰ্থীৰ নিৰ্দিষ্ট এজেন্ট থকাৰ ব্যৱস্থা কৰি গণনা শেষ নোহোৱালৈকে তাত থকাৰ ব্যৱস্থা কৰিব লাগে।

নির্বাচনী আয়োগক স্মাৰকপত্ৰ দাখিল কৰি এই দাবী সমূূহৰ বিষয়ে জনালে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই।

Your Comments