চৰকাৰৰ এছঅ'পি নামানে বিহু সমন্বয়ৰক্ষী সমিতিয়ে:লতাশিলত প্ৰতিবাদ

Pic

অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ আয়োজনত ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ'পিৰ বিৰুদ্ধে সদৌ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ।ঐতিহাসিক লতাশিল খেলপথাৰত গুৱাহাটীৰ প্ৰায়সংখ্যক বিহু সন্মিলন সমিতিৰ নেতৃত্বই সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ যে ক'ৰ'না প্ৰতিৰোধৰ বাবে চৰকাৰে ৰঙালী বিহু উদযাপনত কেতবোৰ নিৰ্দেশনা তথা বাধ্য-বাধকতা জাৰি কৰিছে।চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা সংশোধন কৰাৰ দাবীৰে বিহু সমিতিসমূহে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদত উপস্থিত থাকি সমন্বয়ৰক্ষী সমিতিৰ প্ৰণৱ গোস্বামীয়ে কয়-"নিৰ্বাচন অনুষ্ঠিত কৰি লাখ লাখ মানুহৰ ৰেলী, জনসভা,শোভাযাত্ৰা ওলাল।দেশৰ প্ৰধানমন্ত্ৰী -গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় কেবিনেট উঠি আহিল প্ৰচাৰৰ বাবে।তেনে সময়ত এছঅ'পি নোলাল।কিন্তু অসমীয়াই জাতীয় উৎসৱ ৰঙালী বিহু আয়োজন কৰাৰ সময়ত এছঅ'পি উলিয়াই ক'ৰ'নাৰ দায়িত্ব বিহু সন্মিলনীসমূহৰ ওপৰত এৰি দিছে।"বিহু সন্মিলনীয়ে কোনো কাৰণত দায়িত্ব নলয় বুলি উল্লেখ কৰি গোস্বামীয়ে কয়-"বিহু চাবলৈ অহা মানুহক কমিটীয়ে মাক্স কোনো কাৰণত পিন্ধাবলৈ নোৱাৰে।ৰাতি পুৱাই যোৱা বিহু কোনো কাৰণত ১১বজাত শেষ কৰা সম্ভৱ নহয়।বিহু আয়োজনস্থলী দুবাৰকৈ ছেনিটাইজাৰ বিহু সন্মিলনীয়ে কৰাটো সম্ভৱ নহয়।ৰাজ্যখনৰ জাতীয় উৎসৱ আয়োজন কৰাত চৰকাৰ দায়িত্ব আৰু কৰ্তব্য থাকে,কিন্তু অসম চৰকাৰে দায়িত্ব-কৰ্তব্যৰ পৰা ফালৰি কাটিছে।"ক'ভিড সংক্ৰমণ ৰোধৰ দায়িত্ব চৰকাৰ লওঁক।বিহু সন্মিলনীয়ে দায়িত্ব নলয় বুলি তেওঁ লগতে কয়।

প্ৰতিবাদত উপস্থিত থাকে অদীপ কুমাৰ ফুকন, প্ৰিন্স ফাইজুল হক প্ৰমুখ্যে গুৱাহাটীৰ বিহু কমিটীসমূহৰ প্ৰতিনিধি।

Your Comments