১ বহাগৰ পৰা ৰাজ্যত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ জৰীপ আৰম্ভ হব, কেনেকৈ আবেদন কৰিব পঢ়ি লওঁক

Mominul Awal

ৰাজ্য চৰকাৰে গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিধায়ক মমিনুল আৱাল


আহোমৰ লগত মোগলৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ যুদ্ধ কৰা খিলঞ্জীয়া গৰিয়া-মৰিয়াক পূৰ্ববঙ্গীয় সকলৰ সৈতে একাকাৰ কৰা হৈছে।গৰিয়া- মৰিয়া সকলৰ জৰীপৰ কাম যোৱা  পাঁচ বছৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিও ৰাজ্যৰ বিজেপি চৰকাৰে কাৰ্যকৰী কৰাত ব্যৰ্থ হ’ল-গুৰুত্বৰ অভিযোগ বিজেপি বিধায়ক তথা জনগোষ্ঠীয় সমন্বয় পৰিষদৰ অসমৰ আহ্বায়ক মমিনুল আৱালৰ।চৰকাৰে গৰিয়া- মৰিয়াক দিয়া কোনো প্ৰতিশ্ৰুতি পাঁচ বছৰত কাৰ্যকৰী কৰাত বিফল হ’ল ।

জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ তত্বাৱধানত পহিলা বহাগৰ পৰা ৰাজ্যত গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ জৰীপৰ কাম আৰম্ভ হ’ব।জুলাই মাহলৈকে চলিব জৰীপ।আবেদনৰ বাবে ব্যৱস্থা কৰা হৈছে এটা বিশেষ পৰ্টেলত।দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল যোগে এই কথা জনালে আৱালে।


নিৰ্বাচন শেষ হ’ল কিন্তু চৰকাৰে ঘোষণা কৰা আঁচনিৰ কোনোটো ফলপ্ৰসূ নহ’ল৷চৰকাৰী পক্ষৰ মানুহ হোৱাৰ বাবে মই বহুতৰ ওচৰত জবাবদিহি হোৱা বুলিও সংবাদমেলত তেওঁ কয়।

উল্লেখ্য, তিনি মাহৰ ভিতৰত জৰীপ শেষ কৰি খছৰা প্ৰকাশ কৰা হ’ব৷ খছৰাত নাম নাহিলে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আবেদন কৰিব পাৰিব৷নাম অন্তৰ্ভুক্ত সকলক একোখনকৈ প্ৰমাণপত্ৰ দিয়া হ’ব বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে।

Your Comments