ক'ভিডৰ কি কি নিৰ্দেশনা মানি ৰঙালী বিহু আয়োজন কৰিব পাৰিব পঢ়ি জানি লওঁক

Bihu

ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে হেঁপাহৰ ৰঙালী বিহু আয়োজনত প্ৰশাসনৰ নতুন নিৰ্দেশনা প্ৰকাশ।স্বাস্থ্য বিভাগে বিহু উদযাপন কৰাৰ বাবে জাৰি কৰিলে বাধ্য-বাধকতা।

শুক্ৰবাৰে স্বাস্থ্য বিভাগে ক'ভিড পৰিস্থিতি প্ৰতিৰোধৰ বাবে জাৰি কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাত উল্লেখ আছে ৰাতি ১১ বজাত সামৰণি পৰিব লাগিব সকলো অনুষ্ঠান।
উল্লেখ্য, পূৰ্ব বছৰ সমূহৰ দৰে অসমবাসীয়ে হেঁপাহৰ ৰঙালী উৰে ৰাতি উদযাপন কৰিব নোৱাৰিব।

Notice

ইয়াৰ উপৰিও বাধ্যতামূলক ভাৱে বিহু আয়োজক সমিতি সমূহৰ বিষয়-ববীয়া, স্বেচ্ছাসেৱক সকলে কাৰ্যসূচীৰ তিনিদিনৰ পূৰ্বে কৰিব লাগিব ক'ভিড পৰীক্ষা।

Notice

বিহুতলীৰ মঞ্চৰ সকলো দিশ মুকলি হৈ থকাৰ লগতে সামাজিক দূৰত্ব মানি চলিব পৰাকৈ আহল-বহল হ’ব লাগিব মঞ্চ।

একেদৰে প্ৰৱেশ-প্ৰস্থানৰ সুকীয়া পথ থাকিব লাগিব বিহুস্থলীত।অধিক জনসমাগম যাতে নহয় তাৰ ওপৰত দিব লাগিব গুৰুত্ব।

আনহাতে বিহুত অংশগ্ৰহণকাৰী  প্ৰতিযোগিৰ বাবেও আছে স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।সেই অনুসৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কাৰীৰ দেহৰ উষ্ণতা, স্কেনিং ব্যৱস্থা কৰিব লাগিব।কোনো প্ৰতিযোগীৰ যদি শৰীৰৰ উষ্ণতা বৃদ্ধি হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে পাৰিব অংশগ্ৰহণ কৰিব।

Notice

সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৰ্শক বহা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ।

দৰ্শকৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ অধিক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব।মাক্স, চেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক।

প্ৰৱেশ পথ , পাৰ্কিংস্থলীত হেণ্ড চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক।একেদৰে প্ৰতিদিনে বিহু মঞ্চ তথা দৰ্শক বহা স্থলীত স্বাস্থ্য বিধি মানি চেনিটাইজিঙৰ ব্যৱস্থা কৰাটো জৰুৰী।

Your Comments