ৰঙিয়া ৰে’ল জংচনত পুনৰ ক’ৰ’নাৰ আতংক, কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসন আৰু জনসাধাৰণে!

rangia

দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবাখনো  ঠাইত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সমসাময়িকভাৱে ৰঙিয়া ৰে’ল জংচনতো পুনৰ ক’ৰ’নাৰ আতংকই গ্ৰাস কৰিছে । 

গুৱাহাটী ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ৰঙিয়া ৰে’ল জংচনত ক’ৰ’নাক লৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰী আৰু প্ৰত্যক্ষদৰ্শীয়ে।

প্ৰতিদিনে ৰঙিয়া ৰেল জংচনলৈ বহিঃৰাজ্যৰ যাত্ৰীসকল আহি থকাৰ পিছতো প্ৰশাসন অথবা ৰে’ল বিভাগৰ পৰা ৰঙিয়াত বৰ্তমানেও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে । যাত্ৰীসকলৰ মাজত নাই শাৰীৰিক দূৰত্ব, অধিকাংশ যাত্ৰীৰে মুখত নাই মাস্ক অথবা ৰুমাল । ফলত এতিয়া যাত্ৰীসকলৰ লগতে স্থানীয় লোকসকলৰ মাজতো এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

Your Comments