কোন দুখন ৰাজ্যৰ পৰা অহা যাত্ৰীৰ ক'ভিড টেষ্ট অসমত বাধ্যতামূলক,পঢ়ি জানি লওঁক

Pic

ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগক।মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নির্বাচনৰ সময়ত অসমত ক'ৰ'না নাই বুলি দম্ভালি মাৰি মাক্স পিন্ধাৰ প্ৰয়োজন নাই বুলি কৈছিল যদিও শেহতীয়াভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ৰ'না আক্রান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে।ক'ভিড আক্রান্তৰ বাবে পৃথক চিকিৎসালয় পুনৰ সাজু কৰি তোলাৰ সময়তে ক'ৰ'না নাই বুলি কোৱা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো টুইট কৰিছে ক'ৰ'না সন্দৰ্ভত।

Pic

বৃহস্পতিবাৰে মন্ত্ৰী শৰ্মাই টুইট কৰি কয়-"মুম্বাই আৰু বেংগালুৰুৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীয়ে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক।বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনত কভিড টেষ্ট কৰিব লাগিব যাত্ৰীসকলে।"

ইফালে,বৃহস্পতিবাৰে এক সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে ক'ৰনাৰ বাবে অসমত লকডাউন-সান্ধ্য আইন দিয়া নহয় বুলি ঘোষণা কৰে।কিন্তু চলিত সপ্তাহত আক্রান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি হৈ থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

Your Comments